29 C
Guwahati
Sunday, July 12, 2020
  • Home
  • Videos
  • TIMECAST
More

    মুক্তি পালে মনু শৰ্মাই, ১৯৯৯ৰ ২৯-৩০ এপ্ৰিলৰ নিশা কি হৈছিল জেছিকাৰ সৈতে?

    ঘটনা সন্দৰ্ভত আদালতে কংগ্ৰেছী নেতা বিনোদ শৰ্মাৰ পুত্ৰ সিদ্ধাৰ্থ বশিষ্ঠ ওৰফে মনু শৰ্মাক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল

    সময়ৰ আগতে মডেল জেছিকা লাল হত্যাকাণ্ডৰ অপৰাধী মনু শৰ্মাক তিহাৰ জেলৰ পৰা মুকলি কৰি দিয়া হ’ল। ১৯৯৯ চনৰ ২৯-৩০ এপ্ৰিলত দিল্লীত নিশা ২ বজাত মডেল জেছিকা লাল হত্যাৰ ঘটনাই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছিল।

    ঘটনা সন্দৰ্ভত আদালতে কংগ্ৰেছী নেতা বিনোদ শৰ্মাৰ পুত্ৰ সিদ্ধাৰ্থ বশিষ্ঠ ওৰফে মনু শৰ্মাক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।

    জানো আহক জেছিকা লাল হত্যাকাণ্ডৰ সম্পূৰ্ণ কাহিনীঃ

    ২১ বছৰ পূৰ্বে জেছিকা লালক হত্যা কৰা হৈছিল। অভিযুক্তক নিম্ন আদালতৰ পৰা অপৰাধমুক্ত কৰা হৈছিল যদিও উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত মনু শৰ্মাক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।

    ঘটনাটো সমগ্ৰ দেশতে আলোচনাৰ বিষয় হৈ পৰিছিল। সংবাদমাধ্যমৰ হেডলাইনত থকা এই হত্যাকাণ্ডৰ শুনানিৰ ওপৰত নজৰ আছিল সকলোৰে কিন্তু এই যাত্ৰা ইমান সহজ নাছিল।

    ১৯৯৯ৰ ২৯ এপ্ৰিল
    ১৯৯৯ৰ ২৯ এপ্ৰিলত মহৰোলীস্থিত কুতুব কলোনেড ৰেষ্টুৰাত ছচিয়েলাইট বীনা ৰমানীয়ে দিছিলে পাৰ্টী। এই পাৰ্টীত দিল্লীৰ কেইবাগৰাকীও নামী-দামী তাৰকা উপস্থিত হৈছিল। নিশা মনু শৰ্মাৰ তেওঁৰ বন্ধুৰ সৈতে তাত উপস্থিত হৈছিল।

    নিশা প্ৰায় ২টা বাজিছিল, পাৰ্টীত সুৰা দিয়াৰ সময়সীমা উকলিছিল। সেই সময়তে মনু শৰ্মাই জেছিকা লালৰ পৰা সুৰা বিচাৰিছিল। জেছিকাই অমান্তি হৈছিল। তাৰ পিছত মনু শৰ্মাই নিজৰ পিষ্টল উলিয়াই গুলীচালনা কৰিছিল।

    প্ৰথমটো গুলী শূণ্যত মাৰিছিল আৰু দ্বিতীয়টো মাৰিছিল জেছিকাৰ শিৰত। তাৰ পিছতে মনু শৰ্মাই তেওঁৰ বন্ধুৰ সৈতে সেই স্থানৰ পৰা পলায়ন কৰিছিল।

    ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১০১টা সাক্ষী ৰাখিছিল তাৰে প্ৰধান সাক্ষী আছিল শ্যান মুঞ্চী ওৰফে বীনা ৰমানী।

    শ্যান মুঞ্চী এই ঘটনাৰ সাক্ষী হৈছিল আৰু তেওঁৰ মন্তব্যৰ আধাৰতে গোচৰ ৰুজু কৰা হৈছিল। কিন্তু শুনানিৰ সময়ত শ্যান মুঞ্চীৰ লগতে কেইবাজনো সাক্ষীয়ে নিজৰ মন্তব্য সলনি কৰে।

    মুঠ ৩৩জন গুৰুত্বপূৰ্ণ সাক্ষীয়ে নিজৰ মন্তব্য সলনি কৰে। শ্যান মুঞ্চীয়ে নিজৰ সাক্ষ্যত কৈছিল যে মনু শৰ্মা সেইজন লোক নহয় যিয়ে গুলী চলাইছিল।

    লগতে তেওঁ এইটো কৈছিল যে গুলী এটা পিষ্টলেৰে নহয় দুটা পিষ্টলেৰে চলোৱা হৈছিল। আৰক্ষীৰ কাহিনী আছিল যে মনুয়ে নিজৰ পিষ্টলেৰে প্ৰথমটো গুলী শূণ্যত চলাইছিল তাৰ পিছত জেকিছাক গুলী মাৰি হত্যা কৰিছিল।

    বীনা ৰমানী, তেওঁৰ কন্যা মালিনী ৰমানী আৰু তেওঁৰ পৰিয়ালে মনু শৰ্মাক চিনি পোৱাত সহায় কৰাৰ লগতে আৰক্ষীৰ কাহিনীটোত সমৰ্থন জনায়।

    দিল্লীৰ বিভিন্ন প্ৰান্তত জেছিকাৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে

    Photo credit: www.abplive.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Akhil Gogoi Has No Covid-19 Symptoms: IGP Prison

    Gogoi's wife Geetashree Tamuli said, "Akhil Gogoi is not well, showed Covid-19 symptoms. I do not know what shall I to say.”

    COVID Scare: House to House Testing in city’s Pandu from Tuesday

    The SBI head office here and Dhirenpara Maternity and Child Welfare Hospital were declared as containment zones