26 C
Guwahati
Monday, July 13, 2020
  • Home
  • Videos
  • TIMECAST
More

    অভি-নীল-ঝংকাৰৰ পিছত এইবাৰ দেৱাশীষ, মৰেল পুলিচৰ নামত মৰিয়নীত নৃসংশ হত্যাকাণ্ড

    দেৱাশীষৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি দেওবাৰে নিজ ঘৰ পাবহি

    অভি-নীল আৰু ঝংকাৰৰ পিছত এইবাৰ মৰেল পুলিচৰ নামত ৰাইজৰ আক্ৰমণত প্ৰাণ হেৰুৱালে আন এজন যুৱকে। পিতৃ আৰু ভগ্নীৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা যুৱকজনক। মৰিয়নীৰ গাভৰু চাহ বাগিচাত উদণ্ড জনতাৰ প্ৰহাৰত প্ৰাণ হেৰুৱা যুৱকজনৰ নাম দেৱাশীষ গগৈ (২৩)। শিক্ষক পিতৃৰ একমাত্ৰ পুত্ৰ আছিল দেৱাশীষ।

    প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব যোৱাই কাল হৈ নামিল যুৱকজনৰ জীৱনলৈ। মৰিয়নীৰ গাভৰু পৰ্বতত সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড। গাভৰু আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা যুৱকৰ গণ প্ৰহাৰত মৃত্যু। এটা সৰু পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে দেৱাশিস গগৈ আৰু আদিত্য দাস নামৰ দুজন যুৱকক নিৰ্মম ভাৱে প্ৰহাৰ কৰে বাগিচাৰ একাংশ লোকে৷

    ২৯ মে’ শুক্ৰবাৰে বিয়লি সংঘটিত হৈছিল এই জঘন্য ঘটনা। দেৱাশীষে লৈ যোৱা স্কুটি খন বৰ্তমানেও ঘটনাস্থলীতে পৰি আছে। দেৱাশীষৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি দেওবাৰে নিজ ঘৰ পাবহি। অভি নীল অথবা ঝংকাৰ হত্যাকাণ্ডৰ অনুৰূপ ধৰণে মৰেল পুলিচৰ নামত প্ৰাণ হেৰুৱা দেৱশীষ গগৈ হত্যাৰ উচিত তদন্ত বিচাৰি কেইবাশতাধিক লোকে ভিৰ কৰে দেবেৰাপাৰ আৰক্ষী চকী। আটাছু, আছুৰ লগতে স্থানীয় লোকে দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়।

    অন্যহাতে সমগ্র ঘটনাৰ লগত গাভৰু চাহ বাগিছাৰ কৰ্তৃপক্ষ জড়িত থকা অভিযোগ উত্থাপন কৰি তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আটাছুৱে দাবী জনায়। লক্ষনীয় ভাৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দল চাহ বাগিচাত উপস্থিত হৈ এখন ৰাজহুৱা সভা আয়োজন কৰি সকলো কথা যেন এটা দূৰ্ঘটনা তাৰ ৰূপ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়৷ আটছাই দুৰ্ঘটনাটো সম্পূৰ্ণকৈ গাপ দিয়াৰ চেষ্টা কৰে।

    ঘটনা সন্দৰ্ভত ভগ্নীমুখে জানিব পৰা অনুসৰি, হত্যাকাৰীৰ দলটোৱে মমূৰ্ষ অৱস্থাত পেলাই থৈছিল যুৱক জনক। তেতিয়াই কোনো লোকে ফোন কৰে পৰিয়ালক। ফোল পাইয়ে পিতৃ-ভগ্নী আৰু মাতৃয়ে গাড়ী লৈ ঘটনাস্থলীলৈ আহে। কিন্তু উন্মোত্ত হত্যাকাৰীৰ দলটোৱে তেওঁলোকক গাড়ীৰ পৰা ওলাই আহিব নিদিলে বহু দেৰিলৈ। গাড়ীৰ পৰা ওলাই আহিলে পিতৃকো মাৰি পেলাম বুলি ভাবুকি দলটোৰ। বহু দেৰিলৈ চিকিৎসালয়লৈ নিব পৰা নাছিল দেৱাশীষক। এই কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অসম।

    Photo Credit: @sopoonrehmansaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Akhil Gogoi Has No Covid-19 Symptoms: IGP Prison

    Gogoi's wife Geetashree Tamuli said, "Akhil Gogoi is not well, showed Covid-19 symptoms. I do not know what shall I to say.”

    COVID Scare: House to House Testing in city’s Pandu from Tuesday

    The SBI head office here and Dhirenpara Maternity and Child Welfare Hospital were declared as containment zones