১৪ দিনীয়া আইছ’লেচনত থকাৰ পৰা ওলাই আহি ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা পুৱাৰ জলপানত অংশগ্ৰহণ ভাৰতৰ অন্যতম বক্সাৰ মেৰিকমৰ। ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেৰিকমে আমান আৰু জৰ্ডানত হোৱা এছিয়া-ওচেনিয়া অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক খেলত অংশগ্ৰহণ কৰি ১৩ মাৰ্চত ভাৰতলৈ উভতি আহিছিল।

তাৰ পিছতে চিকিৎসকে সুৰক্ষাজনিত কাৰণত খেলুৱৈগৰাকীক মুঠ ১৪ দিনৰ বাবে নিজাকৈ আইছ’লেচনত থকাৰ বাবে আহবান জনাইছিল। বিশ্বজুৰি হৈ থকা কৰ’ণা মহামাৰীৰ বাবেই এই সুৰক্ষা অৱলম্বণৰ বাবে কোৱা হৈছিল খেলুৱৈগৰাকীক। পিছে ১৮ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাৰ্লিয়ামেণ্টৰ ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সদস্যসকলৰ বাবে আয়োজন কৰা জলপানত গৈ উপস্থিত হয়গৈ মেৰিকম।
দিল্লীস্থিত নিজা বাসভৱনতেই জৰ্ডান ফেৰৎ মেৰিকমক ছেল্ফ আইছ’লেচনৰ বাবে কোৱা পিছতো সেই জাননী অৱহেলা কৰি ৰাষ্ট্ৰপতি আৰু অন্য পাৰ্লিয়ামেণ্টৰ সদস্যসকলৰ সৈতে জলপানত ভাগ লয়। অৱ্শ্য বৰ্তমানলৈ মেৰিকম কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি ৰিপ’ৰ্ট অহা নাই।
Photo Credit: @MangteC