28 C
Guwahati
Tuesday, July 27, 2021
More

    বৰপেটাৰ আতচবাজী উদ্যোগত ভয়ংকৰ জুই, ১২জন শ্ৰমিক গুৰুতৰভাৱে আহত

    অগ্নিকাণ্ডত প্ৰায় ১২ জনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকেইজনৰ ভিতৰত ২গৰাকী মহিলা আৰু দুটি কিশোৰৰ অৱস্থা যথেষ্ট সংকটজনক

    বৰপেটাত অাতচবাজী প্ৰস্তুত কৰি থকা অৱস্থাতে সংঘটিত হ’ল ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। দীপ পাঠকৰ বৰপেটা আতচবাজী উদ্যোগত জুই। দীপ পাঠক নামৰ লোকজনৰ ঘৰৰ পাছফালে একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

    অগ্নিকাণ্ডত প্ৰায় ১২ জনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকেইজনৰ ভিতৰত ২গৰাকী মহিলা আৰু দুটি কিশোৰৰ অৱস্থা যথেষ্ট সংকটজনক। আহতসকলৰ ভিতৰত আছে ৬গৰাকী মহিলা শ্ৰমিক। আতচবাজী প্ৰস্তুতৰ বাবে উৰালত কেচামাল খুন্দি থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আহত আটাইকেইগৰাকীকে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

    ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। কথমপি ৰক্ষা পৰিল মনি চুনা আতচবাজী উদ্যোগ আৰু অসম ফায়াৰ ৱৰ্কচ নামৰ আতচবাজী উদ্যোগ দুটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING