যোৰাবাটৰ অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় কোটি টকাৰ সম্পত্তি। জৈন ট্ৰেডিং তৃভেনি ষ্টোৰ নামৰ এখন গেলামালৰ গুমদামত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
ঘটনাস্থলীত অসমৰ ১৮খন আৰু মেঘালয়ৰ ২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ ৩ ঘণ্টাৰ চেষ্টা চলায় অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।