34 C
Guwahati
Sunday, July 25, 2021
More

    মধ্যাহ্ন ভোজনক লৈ তিনিচুকীয়াত উত্তেজনা, ৰন্ধন কৰ্মীয়ে দলিয়ালে মধ্যাহ্ন ভোজনৰ খাদ্য

    ঘনশ্যাম সেৱা সমিতি নামৰ NGOই কেন্দ্ৰীয় ৰান্ধনী শালৰ পৰা আহাৰ লৈ আহি থকা সময়তে সংঘটিত হয় এই ঘটনা

    মধ্যাহ্ন ভোজনৰ নামত ভেজাল খাদ্য। ১ নৱেম্বৰৰ পৰা NGOই ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজন বিলোৱাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। সোমবাৰে তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ ৰন্ধন কৰ্মীয়ে।

    ৰন্ধন কৰ্মীয়ে ৰাজপথতে পেলালে মধ্যাহ্ন ভোজনৰ খাদ্য। ঘনশ্যাম সেৱা সমিতি নামৰ NGOই কেন্দ্ৰীয় ৰান্ধনী শালৰ পৰা আহাৰ লৈ আহি থকা সময়তে সংঘটিত হয় এই ঘটনা।

    পৰ্বতীয়া পথত ৰন্ধন কৰ্মীয়ে মধ্যাহ্ন ভোজনৰ খাদ্য ৰাজপথত দলিয়াই পেলোৱাৰ লগতে ঘূৰাই পঠাই আহাৰ কঢ়িয়াই অনা গাড়ী। ক্ষোভিত একাংশ ৰন্ধন কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰে খাদ্য সামগ্ৰী কঢ়িয়াই অনা পাত্ৰও। NGOটোৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ ৰন্ধন কৰ্মীৰ।

    ইফালে লংকাৰ কাকীত অভিভাৱকে দলিয়ালে মধ্যাহ্ন ভোজনৰ খাদ্য৷ আৰক্ষীয়ে বলপূৰ্বকভাৱে খাদ্য প্ৰাপ্তিৰ বহীত প্ৰধান শিক্ষকক কৰালে চহী। মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ বিপৰীতে এনজিঅক খাদ্য প্ৰদান কৰা দায়িত্বৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING