34 C
Guwahati
Sunday, July 25, 2021
More

    স্বামীহাৰা মহিলাক পলুৱাই নি ৰোষত পৰিল এজন, নলবাৰীত নিশা হাহাকাৰ

    পত্নীৰ মৃত্যু হোৱা বুলি হৰেন কুমাৰ নামৰ লোকজনে নিজকে ছাইদুল নামেৰে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল স্বামীহাৰা মহিলাগৰাকীৰ সৈতে। মহিলাগৰাকীৰ আছে এটি কন্যা সন্তানো

    নলবাৰীৰ নন্দগাঁৱত নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। এগৰাকী স্বামীহীনা মহিলাক এজন লোকে পলুৱাই নিয়াক লৈ সৃষ্টি হয় এই পৰিৱেশৰ।

    পত্নীৰ মৃত্যু হোৱা বুলি হৰেন কুমাৰ নামৰ লোকজনে নিজকে ছাইদুল নামেৰে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল স্বামীহাৰা মহিলাগৰাকীৰ সৈতে। মহিলাগৰাকীৰ আছে এটি কন্যা সন্তানো। দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰখা লোকজনে অৱশেষত পলুৱাই নিয়ে শিশুসহ মহিলাগৰাকীক। ভুৱা পৰিচয়েৰে মহিলাগৰাকীক পলুৱাই নিয়াত ক্ষুব্ধ হৈ পৰে স্থানীয় একাংশ যুৱক আৰু সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ। পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। স্বামীহাৰা মহিলাক পলুৱাই নিয়া লোকজনে কৰে শাক-পাচলিৰ ব্যৱসায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING