34 C
Guwahati
Sunday, July 25, 2021
More

    শুৱালকুছিত বস্ত্ৰ বিপণীত অগ্নি সংযোগৰ চেষ্টা দুৰ্বৃত্তৰ; সমগ্ৰ দৃশ্য বন্দী CCTVত

    ‘DAS AND SONS’ নামৰ বস্ত্ৰ বিপণীখনত বুধবাৰে নিশা ৩ বজাত পেট্ৰ'ল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলোৱা দুৰ্বৃত্তজন শুৱালকুছিৰ বস্ত্ৰ ব্যৱসায়ী জয়ন্ত দাস ওৰফে মাজু বুলি চিনাক্ত কৰা হৈছে

    বস্ত্ৰনগৰী শুৱালকুছিত এখন পাট মুগা কাপোৰৰ দোকান পেট্ৰল ঢালি জ্বলাই দিয়াৰ ব্যৰ্থ চেষ্টা দুৰ্বৃত্তৰ ৷ CCTV কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। ‘DAS AND SONS’ নামৰ বস্ত্ৰ বিপণীখনত বুধবাৰে নিশা ৩ বজাত পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলোৱা দুৰ্বৃত্তজন শুৱালকুছিৰ বস্ত্ৰ ব্যৱসায়ী জয়ন্ত দাস ওৰফে মাজু বুলি চিনাক্ত কৰা হৈছে।

    CCTVৰ দৃশ্য

    এই দোকান খনৰ প্ৰথম মহলাত আছিল শুৱালকুছি চেণ্ট্ৰেল বেংক শাখা। উল্লেখ্য যে কিছুদিন পূৰ্বে শুৱালকুছি বজাৰ চ’কত ৰাইজে আটক কৰিছিল উত্তৰ প্ৰদেশৰ মোবাৰকপুৰৰ এজন ক’লা ব্যৱসায়ীক।

    এই ঘটনাৰ গইনা লৈ সমগ্ৰ বেনাৰশী আন্দোলনৰ বিষয়টোক বিপথে পৰিচালিত কৰা আৰু উত্তেজনা বিয়পোৱাৰ চেষ্টাৰে জয়ন্ত দাসে এই ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বস্ত্ৰ বিপণীৰ স্বত্বাধিকাৰী ধ্ৰুৱ দাসে। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত জয়ন্ত দাস ওৰফে মাজু ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING