23 C
Guwahati
Tuesday, May 18, 2021
More

    প্ৰধানমন্ত্ৰী মোদীক আজি প্ৰদান কৰিব গ্ল’বেল গলকীপাৰ এৱাৰ্ড

    স্বচ্ছতাৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হ'ব গ্ল'বেল গলকীপাৰ এৱাৰ্ড। বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেচনে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰিব এই সন্মান

    আজি গ্ল’বেল সন্মান লাভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বচ্ছতাৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰা হ’ব গ্ল’বেল গলকীপাৰ এৱাৰ্ড। বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেচনে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰদান কৰিব এই সন্মান। দেশৰ ৫০ কোটি লোকৰ মাজত স্বচ্ছতাৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবেই নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰিব বুলি জনাইছে বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেচনে।

    স্বচ্ছতাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে লোৱা নেতৃত্ব আৰু দায়বদ্ধতাৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীক গ্ল’বেল গলকীপাৰ এৱাৰ্ড প্ৰদান কৰিব বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেচনে। গ্ল’বেল গলকীপাৰ এৱাৰ্ড এনে এক ব্যক্তিক প্ৰদান কৰা হয় যিগৰাকীয়ে দেশ অথবা বৈশ্বিক স্তৰৰ ক্ষেত্ৰত গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING