কৰ’ণা ভাইৰাছৰ মহাসংকটৰ মাজতে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ওপৰত ধাৰাবাহিকভাৱে হৈ থকা আক্ৰমণক লৈ মোদী চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত বিশেষ অধ্যাদেশ গৃহীত কৰিলে, ইয়াৰ পিছত এতিয়াৰে পৰা চিকিৎসাকৰ্মী ওপৰত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। জাৰি কৰা এই অধ্যাদেশ অনুসৰি ৩ মাহৰ পৰা ৭ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে জনায়।
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে ক’লে যে কেইবাটাও স্থানৰ পৰা চিকিত্সকৰ ওপৰত আক্ৰমণ চলোৱাৰ ঘটনা পোহৰলৈ আহিছে, চৰকাৰে এইসকল লোকক সহ্য নকৰে। চৰকাৰে ইয়াৰ বাবে অধ্যাদেশ জাৰি কৰে। ইয়াৰ আধাৰত সশ্ৰম কাৰাদণ্ড বিহা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক’লে যে চিকিৎসাকৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাসকলে জামিন লাভ নকৰিব, ৩০ দিনৰ তদন্ত সম্পূৰ্ণ হ’ব। ১ বছৰৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব, ৩ মাহৰ পৰা ৫ বছৰলৈ শাস্তি হোৱাৰ সম্ভাৱনা।
ইয়াৰোপৰি গুৰত্বপূৰ্ণ ঘটনাসমূহত ৬ মাহৰ পৰা ৭ বছৰলৈ শাস্তি প্ৰদান কৰা হ’ব। ৫০ হাজাৰৰ পৰা ২ লাখপৰ্যন্ত জৰিমনা বিহিব লাগিব।
Photo credit: aajtak.intoday.in/