28 C
Guwahati
Thursday, July 9, 2020
  • Home
  • Videos
  • T8 Radio
More

    সুখবৰ! চৰকাৰী কৰ্মচাৰীলৈ প্ৰধানমন্ত্ৰী মোদীৰ দীপাৱলীৰ উপহাৰ

    কেবিনেটৰ সিদ্ধান্তত কৃষকসকলেও লাভ কৰিছে কিছু সকাহ। কিয়নো কৃষক সন্মান নিধি আঁচনিৰ বাবে বৃদ্ধি কৰা হৈছে আধাৰ নম্বৰ দিয়াৰ সময়

    কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে আহিছে এটা সুখবৰ। ৫০ লাখ চৰকাৰী কৰ্মচাৰীলৈ নৰেন্দ্ৰ মোদী চৰকাৰে আগবঢ়ালে দীপাৱলীৰ উপহাৰ। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত গ্ৰহণ কৰিছে কৰ্মচাৰীৰ DA ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত। ১২ শতাংশৰ পৰা ১৭ শতাংশলৈ বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ। আনহাতে ৬২ লাখ পেঞ্চন প্ৰাপকেও লাভ কৰিব এই বৰ্ধিত বানচ।

    কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি জনায় যে DA ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত। ইয়াৰ পূৰ্বে ২–৩ শতাংশলৈহে বৃদ্ধি পাইছিল মৰগীয়া বানচ। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বাবে ১৬,০০০ কোটি টকাৰ অতিৰিক্ত বোজা বহন কৰিব লাগিব চৰকাৰে। ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলে লাভ কৰিব বৰ্ধিত মৰগীয়া বানচ।

    কেবিনেটৰ সিদ্ধান্তত কৃষকসকলেও লাভ কৰিছে কিছু সকাহ। কিয়নো কৃষক সন্মান নিধি আঁচনিৰ বাবে বৃদ্ধি কৰা হৈছে আধাৰ নম্বৰ দিয়াৰ সময়। ৩০ নৱেম্বৰলৈকে কৃষকসকলে দিব পাৰিব নিজৰ আধাৰ নম্বৰ। পূৰ্বে ১ আগষ্ট, ২০১৯লৈকে আছিল এই সময়। উল্লেখ্য যে কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে বাৰ্ষিক ৬ হাজাৰ টকাৰ পুঁজি লাভ কৰে ক্ষুদ্ৰ কৃষকে। ইয়াৰোপৰি আশা কৰ্মচাৰীসকলৰ বাবেও বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তেওঁলোকৰ বেতন ১,০০০ৰ বিপৰীতে ২,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

    Photo Credit : indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Gauhati HC orders School to compensate Rs 30 lakh for student’s death to Parents

    The court stated that it was the responsibility of the school authority or management to keep track of grave risk