জম্মু-কাশ্মীৰৰ পুলৱামাত অব্যাহত আছে সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। আজি পুৱাই নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ গ’ল এটা সন্ত্ৰাসবাদীৰ। পিছে সকলোতকৈ গুৰুত্বপূৰ্ণ, বৰ্তমানে ভাৰতীয় সেনাই ঘেৰাও কৰি ধৰিছে হিজব-উল-মুজাহিদিনৰ এগৰাকী কমাণ্ডাৰক। জানিব পৰা মতে, মুজাহিদিনৰ কমাণ্ডাৰজন মোষ্ট ৱাণ্টেড ৰিয়াজ নায়কু।
পুলৱামা জিলাৰ অৱন্তিপুৰা নামৰ ঠাইত সেনাই বৰ্তমানে ঘেৰাও কৰি ৰাখিছে মোষ্ট ৱাণ্টেড কমাণ্ডাৰজনক। যাৰ শিৰৰ মূল্য ১২ লাখ টকা ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, ৰিয়াজ নাইকুৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান। যোৱা কালিয়ে ঘেৰাও কৰিছিল সমগ্ৰ অঞ্চলটো।
সেই সময়তে নিহত হয় এটা সন্ত্ৰাসবাদী। পুৱাই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। বৰ্তামেনও অৱ্যাহত আছে এই এই সংঘৰ্ষ।
Photo Credit: