30 C
Guwahati
Wednesday, June 23, 2021
More

    বৰপেটা আৰক্ষীৰ অভিযানত শ্বিলঙত গ্ৰেপ্তাৰ আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰ

    গাড়ীখন চুৰি কৰি মেঘালয়ৰ শ্বিলঙলৈ নি বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল দলটোৱে

    বৰপেটা আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে এটা দূধৰ্ষ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ৷ বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ’ পিকআপ ভানৰ সূত্ৰ ধৰি শ্বিলঙত গ্ৰেপ্তাৰ কৰে দূধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক৷ গ্ৰেপ্তাৰ হোৱা তিনি গাড়ী চোৰ হৈছে ক্ৰমে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম৷

    আনহাতে গাড়ী চোৰ চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো দূধৰ্ষ গাড়ী চোৰ পলাতক হৈ থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাসে জনোৱা মতে, যোৱা ২৯ নৱেন্বৰৰ নিশা বৰপেটাৰ হাঁহচৰাৰ জিয়াৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা চুৰি হৈছিল AS07 AC4813 নম্বৰৰ বলেৰ’ পিক’আপ ভান এখন৷ গাড়ীখন চুৰি কৰি মেঘালয়ৰ শ্বিলঙলৈ নি বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল দলটোৱে৷ এই খবৰ লাভ কৰা মাত্ৰেই আৰক্ষীয়ে অভিযান চলাই গাড়ী চোৰ চক্ৰটোৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

    আৰক্ষীয়ে বৃহস্পতিবাৰে গাড়ীচোৰ কেইজনক আদালতত হাজিৰ কৰাৰ পিচতে আদালতে চোৰ কেইজনক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে৷ ইপিনে আৰক্ষীয়ে গাড়ীচোৰ চক্ৰটোৰ আন কেইজনক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING