শুৱালকুছিত বোৱাৰীৰ ৰহস্যজনক হত্যাৰ মূল অভিযুক্ত স্বামী বিদিত মহন্ত গ্ৰেপ্তাৰ। কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে স্বামী বিদিত মহন্তক। পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হ’ল।

দীপা কলিতাৰ হত্যাত জড়িত অভিযোগত বিদিত মহন্তসহ পৰিয়ালৰ ৬ জনৰ ওপৰত এজাহাৰ দাখিল কৰিছিল দীপা কলিতাৰ পৰিয়ালে। দুপৰনিশা পৰ্যন্ত শুৱালকুছিৰ ৰাজপথত প্ৰতিবাদ কৰিছিল মহিলাসকলে।