34 C
Guwahati
Wednesday, August 5, 2020
  • Home
  • Videos
  • TIMECAST
More

    Breaking: নলবাৰী আৰু গোলাঘাট জিলাত ৰেড জন উঠাই দিয়া হ’ল

    বৰ্তমান অসমত ৪খন জিলা ৰেড জন ৰূপে ঘোষণা

    নলবাৰী আৰু গোলাঘাট জিলাত ৰেড জন উঠাই দিয়া হ’ল। বৰ্তমান মুঠ ৪খন জিলাত ৰেড জন আছে। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁৰ লগত উপস্থিত সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মা আৰু ATDCৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা।

    মৰিগাঁও, ধুবুৰী, বঙাইগাঁও আৰু গোৱালপাৰা জিলাও ৰেড জনৰ ভিতৰত। অসমত কৰণা সক্ৰিয় হৈ আছে। যিকোনো মুহূৰ্তত যিকোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে। গ্ৰীন জনতো সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান জনোৱাৰ লগতে অসমৰ সকলো লোককে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই। চিকিত্সক, নাৰ্ছ, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ত।

    অৱশ্যে গোলাঘাট জিলা এই ৰেড জনৰপৰা কাইলৈ মুক্ত কৰা হ’ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কোৱাৰাণ্টাইনত ৰখা আৰু নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা নলবাৰীৰ মল্লাপাৰা অঞ্চল আজিৰ পৰা মুকলি কৰি দিয়া হৈছে। আজি সন্ধিয়াই এই আদেশ কার্যকৰী হ’ব। ইফালে অৰ্থনৈতিক ক্ষেত্ৰখন প্রায় ভাঙি পৰাত অসমত ৩ মে’ৰ পিছত লকডাউন শিথিল হোৱাৰো ইংগিত দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    COVID 19 Scare: Test for All Tea Garden Workers in Assam

    If there is a community spread in the labour lines it will lead be a catastrophe as the present medical facility available is not sufficient to cater to a pandemic situation

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.