26.4 C
Guwahati
Sunday, July 5, 2020
  • Home
  • Videos
  • T8 Radio
More

    বন্ধ হোৱাৰ দিশে নামৰূপ সাৰকাৰখানা, ৮০ শতাংশলৈ হ্ৰাস সাৰৰ উৎপাদন

    দ্বিতীয় উৎপাদন গোট বন্ধ, তৃতীয় উৎপাদন গোটে কোনোমতে অব্যাহত ৰাখিছে উৎপাদন

    উত্তৰ পূৱৰ গৌৰৱ ডিব্ৰুগড় জিলাত অৱস্থিত নামৰূপ সাৰকাৰখানা এতিয়া শয্যাগত। ৬০ দশকতেই স্থাপন হোৱা এই সাৰ উদ্যোগটোৱে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ লগতে উৰিষ্যা, বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি ৰাজ্যৰ কৃষক ৰাইজৰ সাৰ চাহিদা পূৰণ কৰি আহিছে। মূলত উৎপাদনত ব্যয় কম হোৱা হেতুকে অন্যান্য ৰাজ্যৰ সাৰৰ তুলনাত নামৰূপ সাৰকাৰখানাই প্ৰস্তুত কৰা সাৰ অতি কম মূল্যত কৃষক ৰাইজক যোগান ধৰিবলৈ সক্ষম হৈছে।

    পিছে সাৰ উদ্যোগটোলৈ এতিয়া অশনি সংকেত আহিছে। প্ৰতিদিনে ১২০০-১৩০০ মেট্ৰিকটন ইউৰিয়া উৎপাদন কৰা সাৰ উদ্যোগটোৰ দ্বিতীয় আৰু তৃতীয় উৎপাদন গোট দুটা বন্ধ হোৱাৰ দিশে গতি কৰিছে। ১৫ বছৰ আয়ুসকাল থকা উৎপাদন গোট দুটা বয়স ইতিমধ্যে উকলি গৈছে। যান্ত্ৰীক বিজুতি ঘটি বন্ধ হৈ পৰিছে দ্বিতীয় উৎপাদন গোটটো। ফলত কোনো মতে উৎপাদন কৰি আছে তৃতীয় উৎপাদ গোটটোৱে। যাৰ বাবে ৮০ শতাংশলৈ হ্ৰাস পাইছে সাৰৰ উৎপাদন।

    এনে প্ৰেক্ষাপটত দাবী উত্থাপন হৈছিল সাৰকাৰখানাৰ চতুৰ্থগোট স্থাপনৰ। ২০০৬ চনতেই তেতিয়াৰ সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপ সাৰকাৰখানাত উপস্থিত হৈ চতুৰ্থগোট স্থাপনৰ কথা ঘোষণা কৰিছিল। পিছে সেয়া ঘোষণাতে সীমাবদ্ধ থাকিল। তদুপৰি বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বৰ্তমানৰ সাৰমন্ত্ৰী সদানন্দ গৌড়াই নামৰূপত উপস্থিত হৈ “ফিউ ডেইজ”ৰ পিছতেই চতুৰ্থগোট স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও ৯ মাহ উকলি যোৱাৰ পিছতো স্থাপন নহ’ল চতুৰ্থ গোট।

    আনহাতে সাৰৰ নাটনিক লৈ এতিয়া হাহাকাৰ কৰিব লগা হৈছে কৃষক ৰাইজে। ২৮০ মূল্যৰ ইউৰিয়া পেকেট এতিয়া ঠাই বিশেষে বিক্ৰী হৈছে ৫০০-৬০০ টকা মূল্যত। মহামৰী কৰ’ণাৰ দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনাইছে আত্মনিৰ্ভৰশীল হ’বলৈ। এনে সময়ত উত্তৰ পূৱৰ এই সাৰ উদ্যোগটোৰ এনে অৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে কৃষক ৰাইজক। এতিয়া প্ৰশ্ন হয় নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই বন্ধ হোৱাৰ দিশে নেকি নামৰূপ সাৰ কাৰখানা?

    Photo Credit: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Assam Keelback Re-Appeared after 129 Years

    Last seen in 1891, a group of scientists of Wildlife Institute of India, has rediscovered the rare snake in Arunachal Pradesh

    26 Lockdown Violators Arrested on Day One of the Total Lockdown

    Throughout the day, the police detained 112 vehicles - 2 wheeler-61, 3 wheeler-17, 4 wheeler-32 and 6 wheeler-02.