ৰাষ্ট্ৰীয় কিক-বক্সিং চেম্পিয়নশ্বিপত ৰাজ্যৰ লগতে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ১৮গৰাকী খেলুৱৈয়ে। মুম্বাইৰ নাচিকত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় কিক-বক্সিং চেম্পিয়নশ্বিপ ২০১৯। য’ত অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈ সকলে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিওটা শাখাতে পদক লাভ কৰিবলৈ সক্ষম হয়। এই চেম্পিয়নশ্বিপ খন যোৱা ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল।
অসমে সৰ্বমুঠ পদক লাভ কৰিছে ১৭ টা সোণ, ইয়াৰ ভিতৰত লখিমপুৰে অৰ্জন কৰিছে ১২ টাকৈ সোণৰ পদক। কিক-বক্সিং ৰ লখিমপুৰৰ প্ৰশিক্ষক আহমেদ আচৰফৰ নেতৃত্বত যোৱা ১৮জনীয়া দলটোৱে এইসমূহ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি উত্তৰ লখিমপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজ্যৰ লগতে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ সকলক সম্ভৰ্ধনা জনাই।