Skip to content

নাগৰিকত্ব আইন কোনো লোকৰে নাগৰিকত্ব প্ৰত্যাহাৰৰ বাবে নহয়, নাগৰিকত্ব দিয়াৰ বাবেহে: নৰেন্দ্ৰ মোডী

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
যুৱ মানেই সমস্যাৰ সন্মুখিন হোৱা, সেই সমূহৰ পৰা পলোৱা নহয় লগতে সেই সমস্যাৰ সমাধান উলিওৱা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ৰাতিতোৰ ভিতৰতে আইন বনোৱা নাই, বহু দিন ধৰি এই নাগৰিকত্ব আইনৰ ওপৰত আলোচনা চলি আছিল। দেশৰ যুৱ চামক ভুল পথে পৰিচালিত কৰি কোনো অজ্ঞাতই এনেদৰে ‘কা’ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি আছে। নাগৰিকত্ব আইন কোনো লোকৰে নাগৰিকত্ব প্ৰত্যাহাৰৰ বাবে নহয়, নাগৰিকত্ব দিয়াৰ বাবেহে। ইয়াৰ পৰা দেশত থকা এজনো নাগৰিকৰ কোনো ধৰণৰ হানি-বিঘিনি নহয়। এই কথা সদৰি কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

স্বামী বিবেকানন্দৰ জন্ম দিৱস তথা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নৰেন্দ্ৰ মোডী বৰ্তমানে উপস্থিত আছে কলিকতাৰ ৰামকৃষ্ণ মিছনৰ বেলুৰ মঠত। তাতেই পুৱাৰ প্ৰাৰ্থনাৰ সময়ত উপস্থিত হৈ যুৱ চামক এইদৰে সম্বোধন কৰে প্ৰধান মন্ত্ৰীয়ে। ‘কা’ৰ জৰিয়তে কোনো অসুবিধাত নপৰে। কেৱল অল্পজ্ঞানী কিছু লোকে হে এই আইনৰ ওপৰত ভ্ৰম ৰাখি অন্যলোকৰ মাজতো উৰাবাতৰি বিয়পাই আছে।

লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াকো কয় যে, আজিৰ যুৱ চাম দেশৰ ভৱিষ্যত। দেশত সমস্যা আহিয়ে থাকে। সেই সমস্যা সমূহৰ সন্মুখিন হ’ব পৰা জন হে প্ৰকৃত যুৱ। যুৱ মানেই সমস্যাৰ সন্মুখিন হোৱা, সেই সমূহৰ পৰা পলোৱা নহয় লগতে সেই সমস্যাৰ সমাধান উলিওৱা।

Photo Credit: amarujala.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp