নেপালত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ১৪ গৰাকী লোকৰ নিহত হোৱাৰ লগতে ১৯ গৰাকী লোক আহত হয়। সিন্ধুপাল চকৰ সমীপত নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৪০ গৰাকী যাত্ৰী। দুৰ্ঘটনাটেত ১৪ গৰাকী লোক নিহত হোৱাৰ লগতে ১৯ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজন লোককে স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল।

সূত্ৰ অনুসৰি দুৰ্ঘটনাটোত ১২ গৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ২ গৰাকী যাত্ৰীয়ে হাস্পতালতে মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাগ্ৰস্ত বাছখন বিখ্যাত ধাৰ্মিক আৰু পৰ্যটনস্থলী দোখলাৰ কালীন চকৰ পৰা কাঠমাণ্ডু অভিমুখী আছিল।