15 C
Guwahati
Thursday, February 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Opinion Columnists নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম

    অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি কথাত ভোল নগৈ আদিম যুগৰে পৰা নিজ মাতৃভূমিত বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰি অহা অসমৰ প্ৰকৃত ইছলাম ধৰ্মী গৰীয়া-মৰিয়া-দেশী আদি জনগোষ্ঠীয় লোকসকল সঁচাকৈয়ে সংকটৰ গৰাহত নেকি এতিয়া ? ১২৬০ খ্ৰীষ্টাব্দত প্ৰকাশিত “তাবাকত-ই-নাচিৰি”ত পাৰ্ছীয়ান ইতিহাসবিদ মিনহাজ-ই-চিৰাজে উল্লেখ কৰা সকলেই জানো অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক বুলি নকয়! স্বধৰ্মী নহয়, আন ধৰ্মাৱলম্বীৰ পৰশত থাকি ইছলাম ধৰ্মৰ ৰীতি-নীতি পালন কৰি অহা গৰীয়া-মৰিয়া-দেশীসকল সময়ৰ সোঁতত বৈধ বা অবৈধভাৱে অসমলৈ প্ৰবজন ঘটা লোকসকলৰ গ্ৰাসত নেকি আজি ! আদি এশ এবুৰি প্ৰশ্নই আগুৰি ধৰিছে অসমৰ প্ৰকৃত ইছলাম ধৰ্মীয় লোকসকলক ।

    গৰীয়া-মৰিয়া-দেশী লোকসকল থলুৱা অসমীয়া জনগোষ্ঠীসমূহৰ সকলৰ অন্যতম। অসমৰ ভূগোল, ইতিহাস, জাতি, জনগোষ্ঠী-জনজাতিৰ বিষয়ে অৱগত প্ৰতিজন লোকে জানে যে গৰিয়া, মৰিয়া, দেশীসকল মূলতঃ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী কোচ, কলিতা, আহোম, কছাৰী, বড়ো, ৰাভা, ৰাজবংশী আদি জনগোষ্ঠীৰ পৰাই ধৰ্মান্তৰিত । গ্ৰাম্যাঞ্চলত স্বগোষ্ঠীয় লোকৰ সৈতে একেলগে বসবাস কৰা এই জনগোষ্ঠীৰ লোক সমূহে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ দৰেই অৰ্থনৈতিক, শৈক্ষিক আদি দিশত অনগ্ৰসৰ। । ভাষা, কৃষ্টি, সংস্কৃষ্টি, সাজ-পোছাক, লোকাচাৰ আদি কোনো ক্ষেত্ৰত থলুৱা অসমীয়া সমাজৰ পৰা পৃথক নহয় ।

    প্ৰাচীন কালৰ পৰা অসমৰ থলুৱা মানুহ খিনিৰ মাজত ধৰ্মীয় বিশ্বাসৰ নামত কোনো বিভেদ নাছিল । অসমীয়া হিন্দু সকলে নামঘৰলৈ যায় আৰু অসমীয়া ইছলাম ধৰ্মী সকলে মছজিদলৈ যায় । এয়াই আছিল পাৰ্থক্য । এই কথালৈ কোনো দিন বিভেদৰ সৃষ্টি হোৱা নাই । শিক্ষিত, অৰ্ধশিক্ষিত আৰু অশিক্ষিত গৰীয়া-মৰিয়া-দেশী লোক সকলে সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজকে মুছলমান বুলি নহয়, থলুৱা অসমীয়া বুলিহে পৰিচয় দিয়ে । সাহিত্য, সংস্কৃতি, সংগীত, ক্ৰীড়াকে আদি কৰি অসমীয়া সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহা এই গৰীয়া-মৰিয়া-দেশী লোক সকলে আজিকালি নিজ মাতৃভূমিতে সংকটত পৰিব লগা হৈছে দেশ বিদেশৰ পৰা প্ৰবজিত লোক মুছলামনৰ বাবে। স্বাধীনতা আন্দোলন, অসম আন্দোলন, ভাষা আন্দোলন আদি অসমৰ জাতীয় জীৱনৰ প্ৰতি খোজত নিবিড়ভাৱে জড়িত এই গৰীয়া-মৰীয়া-দেশী লোক সকলে মূল অসমূীয়া সমাজখনৰ পৰা কেতিয়াও অৱহেলিত আৰু নিস্পেষিত বুলি অনুভৱ কৰা নাই ।

    কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে কবিতা, চিঠি লিখি যিসকল বংগমূলীয় লোকে অসমত মুছলমানক দলবদ্ধ ধৰ্ষণ, অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে, সেইসকল লোকৰ বাবেই অসমৰ প্ৰকৃত ইছলামধৰ্মী গৰীয়া-মৰীয়া-দেশীসকল আজি অস্তিত্বৰ সংকটত ভূগিব লগা হৈছে । পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে কোনো কোনো জিলা বা অঞ্চলত গৰীয়া-মৰীয়া-দেশী সকলক অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক বুলি ক’লে জীৱনৰ প্ৰতি সংশয় আহিবলৈ লৈছে। আহোমৰ ৰাজত্বকালত বিভিন্ন সন্মানীয় পদবীত থকা বীৰ পুৰুষসকলক আজি প্ৰবজনকাৰীসকলে তেওঁলোকৰ বংশধৰ বুলি দাবী কৰিব পাৰিছে। এইবোৰ কিয় হ’বলৈ পাইছে, ইয়াৰ সঠিক আৰু নিৰপেক্ষ বিশ্লেষন কৰিলে গৰীয়া-মৰীয়া-দেশী বিদেশীমুলৰ বা প্ৰবজিত লোক সকলৰ আগ্ৰাসন, অত্যধিক জনবিস্ফোৰণ, অপৰাধ প্ৰৱণতা আদিয়েই ইয়াৰ অন্যতম কাৰক বুলি প্ৰতিপন্ন হয় । নামনি অসম আৰু মধ্য অসমৰ কেইবাখনো জিলাত অসমৰ খিলঞ্জীয়া অনেক জীয়ৰী-বোৱাৰীক এই প্ৰবজনকাৰী লোকৰ অপৰাধীয়ে দলবদ্ধভাবে ধৰ্ষণ কৰিছে । ইয়াৰে অন্যতম উদাহৰণ হ’ল অৰ্ণমাই বৰা নামৰ দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকী। অসমত সংঘটিত হোৱা মুঠ অপৰাধৰ ভিতৰত ৮০%ত অধিক অপৰাধী এই প্ৰবজিত লোকসকলৰ বুলি বিভিন্ন সমীক্ষা, আৰক্ষী বিভাগৰ তথ্যত প্ৰকাশ পাই আহিছে ।

    অসমৰ ইছলামধৰ্মী বুলি ক’লে অকল বংগমূলীয় বা বাংলাভাষীসকলক নুবুজায়। অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোকসকল গৰীয়া, মৰীয়া, দেশী আদি অসমীয়া ভাষী ধৰ্মান্তৰিত মুছলমানসকল । এই লোকসকল অসমত থলুৱা বা সংখ্যাগুৰু হিন্দু লোকসকলৰ দ্বাৰা কেতিয়াও অত্যাচাৰিত, প্ৰতাৰিত হোৱা নাই। চলি থকা NRCত অসমৰ প্ৰকৃত ইছলাম ধৰ্মী গৰীয়া, মৰীয়া, দেশী আদি সকলক চৰকাৰে অসমৰ আদি বাসিন্দাৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ লওতে বিদেশীমুলৰ বা প্ৰবজিত লোক সকলৰ সংগঠণে বাধা প্ৰদান কৰি মহামান্য উচ্চতম ন্যায়ালয়ত শপত নামা দিছিল । যাৰ ফল স্বৰুপে গৰীয়া, মৰিয়া, দেশীসকলে আদি বাসিন্দাৰ অধিকাৰ পোৱাৰ পৰা বঞ্চিত হ’ল। অসম চৰকাৰে এইবাৰ বাজেটত গৰীয়া, মৰীয়া, দেশীসকলক সুকীয়া আৰ্থ-সামাজিক জৰীপৰ জৰিয়তে চিনাক্ত কৰিবলৈ ধন আৱন্টিত কৰিছে । কিন্তু অতি পৰিতাপৰ বিষয় যে এই ক্ষেত্ৰতো এই বিদেশীমুলৰ বা প্ৰবজিত লোকসকলৰ সংগঠন, ৰাজনৈতিক নেতা, আগৰনুৱা ব্যক্তিসকলে বাধা প্ৰদান কৰি বিভিন্ন চক্ৰান্ত কৰি আছে ।

    সেয়ে দেখা যায় যে অসমত বাস কৰা বিদেশীমুলৰ বা প্ৰবজিত মুছলমান লোকসকল কোনো কাৰণতে অত্যাচাৰৰ সন্মুখীন হোৱা নাই। বৰং তেওঁলোকৰ আগ্ৰাসন, কু-চক্ৰান্তৰ বলি হৈ সংকটত পৰিছে ধৰ্মান্তৰিত আৰু অসমৰ মূল ইছলাম ধৰ্মী লোক গৰীয়া-মৰীয়া-দেশী আদি লোকসকলৰ লগতে সংখ্যাগুৰু সমুহ থলুৱা অসমীয়া ।

    Photo credit: @nrcassam

    Disclaimer: প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। লেখক মইনুল ইছলামক এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব – 09864113182. Email id: moinulislamsootea@gmail.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING