মঙলবাৰে Royal Global Universityত নতুন একাডেমীক বিল্ডিং মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংসদ কুইন ওজা, বিধায়ক বিমল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মমিনুল আৱালকে ধৰি বহু কেইজন লোক। নতুন পৰিকল্পনা, নতুন উদ্যমেৰে RGU আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিলে উপাচাৰ্য A K Pansari-এ।

অনুষ্ঠানত উপস্থিত থাকি আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোনোৱালে। RGUয়ে এইদৰে আগন্তুক দিনটো কাম কৰি যাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। Act east policyৰো কথা ক’লে মুখ্যমন্ত্ৰীয়ে। ‘প্ৰধানমন্ত্ৰী নীতি আদৰ্শ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আগ্ৰহৰ বাবে আমি আগবাঢ়িব পাৰিছো আৰু উত্তৰ-পূবক খেতিৰ জৰিয়তে আগবঢ়াব লাগিব।’- এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
শীঘ্ৰে গুৱাহাটীৰ পৰা বেংককলৈ যাবলৈ বিমানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে।