17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ৰহস্যজনকভাৱে নৱ দম্পতিৰ আত্মহত্যা

    ৰহস্যজনকভাৱে নৱ দম্পতিৰ আত্মহত্যা

    মাত্ৰ ছমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল মনোজ আৰু চিমলা

    বোকাখাতত নৱ দম্পতিৰ আত্মহত্যা। বোকাখাতৰ ম’হমাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মণ্ডল গাঁৱত সংঘটিত হৈছে এই ঘটনা। বোকাখাতৰ মণ্ডল গাঁৱৰ মুখেশ্বৰ বৰুৱা আৰু মাতৃ ৰুণু বৰুৱাৰ একমাত্র পুত্ৰ মনোজ বৰুৱা(২৫)আৰু বোৱাৰী চিমলা গগৈ বৰুৱা (১৯)য়ে ৰাতিপুৱা শোৱনি কোঠাত চিপজৰী লৈ আত্মহত্যা কৰে।

    মাত্ৰ ছমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল মনোজ আৰু চিমলা। মৃত্যুৰ সময়ত ৫ মাহৰ গৰ্ভৱতী আছিল বোৱাৰী চিমলা গগৈ বৰুৱা। বোৱাৰী চিমলাৰ ঘৰ বোকাখাতৰ পানবাৰীত। মনোজৰ পিতৃ-মাতৃয়ে পুৱা পথাৰত ধান দাই থকাৰ সময়তে ঘটনাটো সংঘটিত হয়। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।

    ইতিমধ্যে বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    Inputs: Dipak Gorkha Chetri

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published