বলীউডৰ অভিনেত্ৰীক অনুৰাগীয়ে মুকলিকৈ দিলে বিবাহৰ প্ৰস্তাৱ; অভিনেত্ৰী কিন্তু অমান্তি নহ’ল! কি দিলে উত্তৰ?

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মই আপোনাক কেতিয়াও মোক মিছ কৰিবলৈ সুযোগ নিদিওঁ-যুৱকজনক ৰিটুইট কৰি ক'লে অভিনেত্ৰী ভূমিয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Credit: Global Zone Today
Photo Credit: Global Zone Today

বলীউডৰ মোহময়ী অভিনেত্ৰী ভূমি পেডনাকৰৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ‘দম লাগাকে হেইচা’ চিনেমাখনত এগৰাকী অতি শকত যুৱতীৰ চৰিত্ৰত অভিনয় কৰা ভূমিয়ে ভাৰতীয় দৰ্শকৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। সেই চিনেমাখনৰ পিছতেই ভূমিয়ে নিজৰ ওজন হ্ৰাস কৰি নিজৰ সৌন্দৰ্যৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছে। বলীউড তাৰকাসকলক নিজৰ সপোনৰ নায়ক-নায়িকা হিচাপে কল্পনা কৰি অনেক লোকেই সুখী হয়। তাৰকাসকলেও বিচাৰে যে তেওঁলোকৰ প্ৰতি ফেনৰ মৰম কেতিয়াও নকমক।

Photo Credit: Times of india

শেহতীয়াকৈ এজন যুৱকে ভূমি পেডনাকৰক টুইটাৰত মুকলিকৈ দিয়া বিবাহৰ প্ৰস্তাৱে চৰ্চা লাভ কৰিছে। কাফিৰ সৌৰভ নামৰ ইউজাৰ্ছগৰাকীয়ে টুইটটোত ভূমিক টেগ কৰি লিখিছে- ”হাই বিউটিফুল মেম.. মই আপোনাৰ ধুনীয়া ধুনীয়া ফটোসমূহ নোচোৱাকৈ এদিনো থাকিব নোৱাৰো। আপুনি দেখিবলৈ বহুত ধুনীয়া। আপুনি সাধাৰণ ছোৱালী হোৱা হ’লে ভাল আছিল। আপুনি এতিয়া চেলিব্ৰেটী। মই আপোনাক যিমানেই ভালপাওঁ লাগে কিন্তু আপুনি এজন নন-চেলিব্ৰেটীক কেতিয়াও বিয়া নাপাতে। মোৰ কোনো চাঞ্চ নাই…মোৰ সঁচাকৈয়ে দুখ লাগে।”

ফেনগৰাকীৰ টুইটৰ উত্তৰ দি ভূমিয়ে লিখিছে- ”এয়া চেলিব্ৰেটী, নন চেলিব্ৰেটীৰ কথা নহয়। দৰাচলতে মোৰ কৰিবলৈ ইমান কাম আছে যে এতিয়া বিয়াৰ কথা মুঠেই ভবা নাই। কিন্তু মই আপোনাক কেতিয়াও মোক মিছ কৰিবলৈ সুযোগ নিদিওঁ। অতি সোনকালে ইখনৰ পিছত সিখন চিনেমা কৰি ৰূপালী পৰ্দাত আহি থাকিবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা চলাই যাম।”

উল্লেখযোগ্য যে ভূমি এতিয়া কেইবাখনো বিগ বাজেটৰ চিনেমাৰ কামত ব্যস্ত আছে। ইয়াৰ ভিতৰত পতি,পত্নী ঔৰ ৱহ, তখ্ট,ডলি কিট্টী ঔৰ ৱহ চমকতে চিতাৰে অন্যতম।

Related Post