26 C
Guwahati
Wednesday, May 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম সুখবৰঃ আনুষ্ঠানিকভাৱে বলীউডত খোজ অসমৰ প্ৰথমগৰাকী কাহিনী-চিত্ৰনাট্যকাৰৰ

    সুখবৰঃ আনুষ্ঠানিকভাৱে বলীউডত খোজ অসমৰ প্ৰথমগৰাকী কাহিনী-চিত্ৰনাট্যকাৰৰ

    বলীউডৰ ছবিত চিত্ৰনাট্যকাৰ হিচাপে আজি চুক্তিবদ্ধ হোৱাৰ লগে লগে ৰাজদ্বীপ পৰিগণিত হ'ল বলিউডত আত্মপ্ৰকাশ কৰা প্ৰথমগৰাকী অসমৰ চিত্ৰনাট্যকাৰ হিচাপে

    অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী অসম সন্তানে। অসমৰ জনপ্ৰিয় যুৱ নাট্যকাৰ, গীতিকাৰ, সাংবাদিক তথা চিত্ৰনাট্যকাৰ ৰাজদ্বীপে মঙলবাৰে মায়ানগৰী মুম্বাইত আনুষ্ঠানিকভাৱে বলrউডৰ এখন ছবিৰ বাবে কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে চুক্তিবদ্ধ হ’ল।

    ৰাজদ্বীপৰ কাহিনী-চিত্ৰনাট্যৰে বলীউডত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ছবি নিৰ্মাণৰ প্ৰক্ৰিয়া। বলীউডৰ ছবিত চিত্ৰনাট্যকাৰ হিচাপে আজি চুক্তিবদ্ধ হোৱাৰ লগে লগে ৰাজদ্বীপ পৰিগণিত হ’ল বলিউডত আত্মপ্ৰকাশ কৰা প্ৰথমগৰাকী অসমৰ চিত্ৰনাট্যকাৰ হিচাপে। পূৰ্বে আন কোনো অসমৰ চিত্ৰনাট্যকাৰ তথা কাহিনীকাৰে বলীউডৰ ছবিত কাম কৰাৰ সফলতা অৰ্জন কৰিব পৰা নাছিল।

    বিশিষ্ট চিত্ৰনিৰ্মাতা জাহ্নু বৰুৱাই নিজৰ পৰিচালিত বলিউডী ছবিৰ চিত্ৰনাট্য লিখিছে যদিও কেৱল চিত্ৰনাট্যকাৰ হিচাপে বলীউডত খোজ দিয়া প্ৰথমগৰাকী অসম সন্তান। এই বিশেষ কৃতিত্বৰ অধিকাৰী ৰাজদ্বীপে অৱশ্যে ইয়াৰ পূৰ্বেই বলীউডৰ ছবিত কাম কৰা প্ৰথমগৰাকী অসমৰ গীতিকাৰ হিচাপে আন এক কৃতিত্ব স্থাপন কৰি থৈছে। কংকনা সেনশৰ্মা পৰিচালিত ‘এ ডেথ ইন দ্য গাঞ্জ’, অনুৰাগ বসু পৰিচালিত ‘জগ্গা জাছুছ’ৰ দৰে ছবিত গীত লিখি ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ চিনাকী দিবলৈ সক্ষম হৈছে ৰাজদ্বীপে।

    একেদৰে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত ভাৰতৰ সৰ্ববৃহৎ চিত্ৰনাট্য প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪০০০ প্ৰতিযোগীক চেৰ পেলাই বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দ্বাৰা সন্মানিত হৈছিল অসমৰ সু-সন্তান ৰাজদ্বীপ। অসমীয়া ছবিৰ ক্ষেত্ৰখনত চিত্ৰনাট্যকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল অশোক কুমাৰ বিষয়া পৰিচালিত ‘খেল-দ্য গেম’ নামৰ ছবিখনেৰে। ৰাজদ্বীপৰ চিত্ৰনাট্যৰে আহিবলগীয়া নতুন অসমীয়া ছবিখন হৈছে ‘প্ৰতিঘাত’।

    ইফালে অসমৰ অনন্য সাংস্কৃতিক সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনত নাট্যকাৰ হিচাপে প্ৰৱেশ কৰিয়েই চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজদ্বীপৰ নাটকে বিগত বছৰসমূহত লাভ কৰিছে ঈৰ্ষণীয় সফলতা। ‘বলিয়া কৃষ্ণ’, ‘ব্ৰেকিং নিউজ’, ‘বাউলী মোৰ প্ৰিয়া’, ‘বনৰীয়া’ আদিৰ দৰে বহুচৰ্চিত নাট ৰচনা কৰা ৰাজদ্বীপে চলিত নাট্যবৰ্ষতো জনপ্ৰিয়তাৰ শিখৰ চুইছে ‘বাহাদুৰ’ আৰু ‘বীৰাংগনা’ৰ দৰে নাটকে।

    বিগত নাট্যবৰ্ষত ‘বন্দুকৰ কবিতা’ শীৰ্ষক নাটখনৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰা ৰাজদ্বীপে এগৰাকী সফল গীতিকাৰ হিচাপেও ৰচনা কৰিছে বহু জনপ্ৰিয় গীত। ‘ৰ’দ’ নামৰ ছবিখনৰ ‘পখী পখী মন মোৰ’ শীৰ্ষক গীতটো জৰিয়তে অসমীয়া ছবি জগতত গীতিকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰা ৰাজদ্বীপে বিগত সময়ত ‘বহ্নিমান’, ‘অহেতুক’, ‘ৰাগ’, ‘লোকেল কুংফু-২’, ‘ৰক্তবীজ’, ‘নিজানৰ গান’, ‘ৰাজা ৰোমিঅ’, ‘দূৰ’ আদিকে ধৰি বহু ছবিৰ বাবে গীত ৰচনা কৰিছে। আনহাতে ‘দুৰণিৰ নিৰলা পঁজা’ ছবিৰ গীতৰ বাবে ৰাজদ্বীপে লাভ কৰিছিল শ্ৰেষ্ঠ গীতিকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING