
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নিজৰ পদ্মশ্ৰী বঁটা উভতালে বিখ্যাত উৰ্দু লেখক মুজতবা হুছেইনে। এই সন্দৰ্ভত লেখকগৰাকীয়ে কয় যে, দেশৰ পৰিস্থিতি দিনে দিনে অধিক বেয়াৰ ফালে গতি কৰি আছে, এনেধৰণৰ বেয়া পৰিস্থিতিৰ সন্মুখীন তেওঁ জীৱনতো হোৱা নাছিল। সেয়ে এই আইন প্ৰত্যাহাৰৰ দাবী জনায় ৮৭ বৰ্ষীয় শিল্পীগৰাকীয়ে।
উল্লেখ্য যে ২০০৭ চনত ভাৰত চৰকাৰৰ ফালৰ পৰা কৌতুক শিল্পী তথা উৰ্দু লেখক মুজতবা হুছেইনক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান। সেই সন্মানকে ‘কা’ৰ বিৰোধ হিচাপে ভাৰত চৰকাৰক উভতাই দিছে শিল্পীগৰাকীয়ে। তেওঁ লগতে কয় যে, যি গণতন্ত্ৰ লাভৰ বাবে দেশৰ জনসাধাৰণে ইমান কষ্ট কৰিবলগা হৈছে সেই গণতন্ত্ৰ আজি ধ্বংস হোৱাৰ পথত। চৰকাৰৰ এনে পদক্ষেপে দেশৰ নাগৰিকসকলক বিমুখ কৰি তুলিছে গণতন্ত্ৰৰ প্ৰতি।