কৰ’ণা সংকট আৰু লকডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশত যথেষ্ট প্ৰভাৱ পৰিছে।
এই পৰিস্থিতিৰ বাবে মোদী চৰকাৰে সেইসমূহ আঁচনি বন্ধ কৰি দিছে, যিসমূহ আঁচনি ২০২০-২১ৰ সাধাৰণ বাজেটত ঘোষণা কৰিছিল।
আদেশ সেই আঁচনিসমূহতো প্ৰযোজ্য হ’ব, যাৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে তত্ত্বীয় অনুমতি প্ৰদান কৰিছে।
এই আদেশ ২০২১ৰ মাৰ্চ মাহলৈ বলবৎ হ’ব।
আত্মনিৰ্ভৰশীল আঁচনিত নিয়ম বলবৎ নহ’ব
চৰকাৰৰ আত্মনিৰ্ভৰশীল আঁচনিত এই নিয়ম বলবৎ নহ’ব।
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে চৰকাৰে প্ৰায় ২১ লাখ কোটি টকাৰ আত্মনিৰ্ভৰশীল আঁচনিৰ ঘোষণা কৰিছিল।
আঁচনিসমূহত অন্তৰ্ভুক্ত আছে দৰিদ্ৰ কল্যাণ আঁচনি। নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিও জাৰি থাকিব।
ইয়াত কোনো নিষেধাজ্ঞা প্ৰদান কৰা হোৱা নাই।
কিন্তু চৰকাৰৰ ফালৰ পৰা এয়া স্পষ্ট হোৱা নাই যে কোনবিলাক আঁচনি বন্ধ কৰা হ’ব।
আমি আপোনালোকক জনাও যে সাধাৰণ বাজেটত প্ৰধানকৈ কোনবিলাক আঁচনি আৰম্ভ হৈছিল অথবা কোনবোৰ আঁচনিক অনুমতি প্ৰদান কৰা হৈছিল।
এইসমূহ আঁচনি ঘোষণা কৰা হৈছিল
সাধাৰণ বাজেটত ৰে’লৱে আৰু নাগৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ তৰফৰ পৰা ক্ৰমেঃ ‘কৃষক ৰে’ল’ আৰু ‘কৃষি উৰণ’ৰ আৰম্ভণিৰ ঘোষণা কৰা হৈছিল।
ইয়াৰোপৰি বাজেটত ৰাজহুৱা-ব্যক্তিগত পিপিপি ব্যৱস্থাৰ আধাৰত ৰাজ্যৰ সহযোগত ৫খন নতুন ‘স্মাৰ্ট চিটী’ উন্নয়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
মোবাইল ফোন, ইলেকট্ৰনিক উপকৰণ আৰু ছেমী-কনডাক্টৰ পেকেজিং নিৰ্মাণত উত্সাহ যোগাবলৈও এখন আঁচনি আৰম্ভ কৰাৰ কথা আছিল।
বাজেটত কোৱা হৈছিল যে ২০ লাখ কৃষকক গ্ৰিডৰ সৈতে জড়িত পাম্প লাভ কৰিবলৈ প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ বিৱৰণ কৰিব লাগিব।
আপোনালোকক জনাই থও যে চৰকাৰে ২১ লাখ কোটি টকাৰ আত্মনিৰ্ভৰশীল পেকেজত কৃষি, মাছ, ব্যৱসায়, ৰিয়েল ষ্টেট,
MSMEসহ বেছিভাগ বিভাগৰ বাবে ৰেহাই পেকেজৰ ঘোষণা কৰিছিল।
চৰকাৰে কিয় ল’লে সিদ্ধান্ত
দৰাচলতে চৰকাৰে যথেষ্ট কম ৰাজহ সংগ্ৰহ কৰি আছে। ২০২০ৰ এপ্ৰিলত ২৭,৫৪৮ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। ইয়াৰে ৩.০৭ লাখ কোটি টকা খৰচ কৰিছে।
বিত্তীয় সংকটত ভোগা বাবে চৰকাৰে ঋণো বেছি ল’বলগীয়া হৈছে।
Photo Credit: Y This News