27 C
Guwahati
Tuesday, June 2, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় উচ্চতম ন্যায়ালয়ৰ ৫জন ন্যায়াধীশ আৰু অযোধ্যা বিবাদৰ ঐতিহাসিক ৰায়

    উচ্চতম ন্যায়ালয়ৰ ৫জন ন্যায়াধীশ আৰু অযোধ্যা বিবাদৰ ঐতিহাসিক ৰায়

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশ এছ এ ববডে, ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰ অন্তৰ্ভুক্ত আছিল

    আজি উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিলে অযোধ্যা বিবাদৰ ৰায়। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশ এছ এ ববডে, ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰ অন্তৰ্ভুক্ত আছিল। চৰকাৰে এই গুৰুত্বপূৰ্ণ ৰায়ৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক জেড প্লাছ সুৰক্ষা প্ৰদান কৰে।

    আনহাতে, আন ৪ গৰাকী ন্যায়াধীশৰো বৃদ্ধি কৰা হৈছিল সুৰক্ষা ব্যৱস্থা। ন্যায়াধীশকেইগৰাকীৰ গৃহটো অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছিল। উচ্চতম ন্যায়ালায়ৰ বাহিৰত মোতায়ন কৰা হৈছিল সুৰক্ষাবাহিনী।

    ৫ গৰাকী ন্যায়াধীশে ৪০ দিনলৈ শুনানি গ্ৰহণ কৰিছিল অযোধ্যা সন্দৰ্ভত

    ২০১৮ৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল অসম সন্তান ৰঞ্জন গগৈ। উত্তৰ-পূৰ্বাঞ্চলৰ এইজনেই প্ৰথম অসমীয়া যিয়ে এই পদটো লাভ কৰিছে। আইনৰ শিক্ষা সম্পূৰ্ণ কৰি ১৯৭৮ত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুশীলন কৰে আৰু ২০০১ৰ ২৮ ফেৱ্ৰুৱাৰীত গুৱাহাটী হাইকৰ্টৰ ন্যায়াধীশ হয়। পিছত তেওঁক পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত স্থানান্তৰ কৰে। ২০১১ত পঞ্জাৱ তথা হাৰিয়ানা হাইকৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১২চনত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্ত কৰা হৈছিল। ৰঞ্জন গগৈয়ে তেওঁৰ ১৮ বছৰীয়া কেৰিয়াৰত NRCসহ কেিবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ শৰদ অৰবিন্দ ববডেক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ বাবে মনোনীত কৰিছিল। মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ শৰদ অৰবিন্দ ববডেই বম্বে হাইকৰ্টৰ নাগপুৰ বেঞ্চত আইনৰ অনুশীলন কৰিছিল। ২০১৩ৰ এপ্ৰিলত তেওঁক উচ্চতম ন্যায়ালয়ত নিযুক্তি দিয়া হৈছিল।

    ৱাইৱি চন্দ্ৰচূড়ৰ পুত্ৰ ন্যায়াধীশ ধনঞ্জয় যশবন্ত চন্দ্ৰচূড় ২০১৬ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্ত কৰা হৈছিল। ইয়াৰ লগতে চন্দ্ৰচূড় মহাৰাষ্ট্ৰ জুডিশ্যিয়েল একাডেমীৰ সঞ্চালকো আছিল।

    ন্যায়াধীশ অশোক ভূষণে ২২ বছৰলৈ উকালতি কৰি পিছত ২০০১ৰ এপ্ৰিলত এলাহাবাদ হাইকৰ্টত ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। ২০১৪ৰ জুলাইত তেওঁক কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ২০১৬ৰ ১৩ মে’ তেওঁৰ উচ্চ ন্যায়ালয়ত নিযুক্ত হৈছিল।

    ন্যায়াধীশ এছ আব্দুল নাজিৰে ১৯৮৩ৰ ফেৱ্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ত উকালতি আৰম্ভ কৰিছিল। ২০১৭ৰ ফেব্ৰুৱাৰীত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্ত কৰা হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING