30 C
Guwahati
Wednesday, June 23, 2021
More

    বুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা বৰপেটাত, ৭গৰাকীক নিৰ্মমভাৱে প্ৰহাৰ

    আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ ফলত ২ মহীয়া গর্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত হয়

    দৰঙৰ বুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত। দৰঙৰ কাণ্ড মাৰ নৌযাওতেই পুনৰ এনে এক ঘটনা সংঘটিত হ’ল বৰপেটাত। বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত নিচুকা আৰু সৰভোগৰ পূব খুদনাবাৰীত আৰক্ষীৰ অমানুষিক অত্যাচাৰৰ অভিযোগ।

    অভুযুক্তক বিচাৰি নাপাই গৰ্ভৱতী মহিলাসহ ৭ গৰাকী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। চিৰাঙৰ আমগুৰু আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনা। ১৭ ছেপ্টেম্বৰত ১২ বজাৰ পৰা আটাইকেইগৰাকীৰ ওপৰত ওৰেনিশা বৰ্বৰ নিৰ্যাতন চলাইছিল আৰক্ষীয়ে।

    আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ ফলত ২ মহীয়া গর্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত হোৱাৰো অভিযোগ। আৰক্ষীৰ ওচৰত কাকূতি-মিনতি কৰাৰ পিছতো আৰক্ষী কনিষ্টবলে মহিলাগৰাকীৰ ওপৰত কৰিছিল নৃশংস আক্ৰমণ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING