Skip to content

বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু, দেশ ভ্ৰমণৰ বাবে আহিছিল লোকজন

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মহম্মদ মিঞা চান্দ নামৰ ৭৭ বছৰীয়া লোকজন তেওৰ পত্নী জয় ভানুৰ সৈতে দেশ ভ্ৰমণৰ বাবে ভাৰতলৈ আহিছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বৰপেটাত এজন বাংলাদেশী নাগৰিকৰ মৃত্যু। মৃত ৭৭ বছৰীয়া লোকজনৰ নাম মহম্মদ মিঞা চান্দ। মৃত বিদেশী নাগৰিকজনক বাংলাদেশলৈ উভতাই পঠাবলৈ দক্ষিণ শালমৰা-মানকাচৰ জিলা প্ৰশাসনে ব্যৱস্থা হাতত লৈছে।

উল্লেখযোগ্য যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ চৰ শোলমাৰী এলেকাৰ কলেজপাৰা ৩নং ৱাৰ্ডৰ বাসিন্দা মহম্মদ মিঞা চান্দ নামৰ ৭৭ বছৰীয়া লোকজন তেওৰ পত্নী জয় ভানুৰ সৈতে দেশ ভ্ৰমণৰ বাবে ভাৰতলৈ আহিছিল। ১৬ ছেপ্টেম্বৰত মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তৰে ভিছাযোগে ভাৰতত প্ৰৱেশ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাত এদিন থকাৰ পাছত বৰপেটা জিলাত থকা আত্মীয়ৰ ঘৰলৈ গৈ দুয়োজনে আশ্ৰয় লয়।

জিলাখনৰ বিভিন্ন স্থানত ভ্ৰমণ কৰাৰ পিছত ১৩ অক্টোবৰত লোকজন বৰপেটা জিলাৰ দাতেৰগুৰী গাঁৱৰ সৰবেশ আলীৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি নিশা প্ৰায় ১২ বজাত উচ্চ ৰক্তচাপৰ ফলত অসুস্থ হৈ পৰে। ইয়াৰ পিছতে লোকজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৰপেটা চিকিত্সকে লোকজনক মৃত ঘোষণা কৰে।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp