শনিবাৰে সন্ধিয়া নগাঁৱৰ বেবেজীয়া কুৰুৱাবাহীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ডাম্পাৰ -যাত্ৰীবাহী টেম্পুৰ মুখামুখি সংঘৰ্ষৰ ফলত মহিলাসহ থিতাতে নিহত হয় ২ জন আৰু চিকিৎসালয়ত নিহত হয় ৩ জন। ৫ জনৰো অধিক গুৰুতৰভাৱে আহত। থিতাতে নিহত মহিলাগৰাকী জামুগুৰিৰ দুলুমণি দেৱী আৰু এগৰাকী জাজৰিৰ আফাজ আলী বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত জাজৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোত আহত হোৱা লোকসকলক সংকটজনক অৱস্থাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৩ জনৰ মৃত্যু হয়। চিকিৎসালয়ত মৃত্যু হোৱা কেইজন ক্ৰমে আতিকুৰ ৰহমান ,প্ৰাঞ্জল বৰদলৈ, সোণটি বৰদলৈ।

আনহাতে গুৰুতৰ ভাবে আহত অৱস্থাত চিকিৎসাধীন হৈ আছে তন্ময় নাথ,হেমন্ত হীৰা,ডিম্বেশ্বৰ হীৰা,চুমু ভৰালী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 02 AC 0736 আৰু টেম্পুখনৰ নম্বৰ AS 02E6152। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ চালক।
Input: Biju Gohain