21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় ৰিলায়েঞ্চ কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা পদত্যাগ অনিল আম্বানীৰ

    ৰিলায়েঞ্চ কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা পদত্যাগ অনিল আম্বানীৰ

    বৰ্তমান ৰিলায়েঞ্চ কমিউনিকেচনৰ অৱস্থা যথেষ্ট টনকিয়াল। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে কোম্পানীৰ লোকচান হৈছিল ৩০,১৪২ কোটি টকা

    অনিল আম্বানীয়ে ঋণৰ অত্যাধিক বোজাৰ বাবে ৰিলায়েঞ্চ কমিউনিকেচনৰ সঞ্চালক পদ ত্যাগ কৰে। আম্বানীৰ উপৰি ছায়া বিৰানী, ৰাইনা কৰণী, মঞ্জৰী কাকৰ আৰু সুৰেশ ৰংগাকৰেও সঞ্চালক পদ ত্যাগ কৰে। শনিবাৰে কোম্পানীয়ে শ্বেয়াৰ বাজাৰক এই খবৰ জনায়। শ্বেয়াৰ বাজাৰক দিয়া খবৰ অনুসৰি কোম্পানীয়ে ক’লে যে আম্বানীৰ লগতে ছায়া বিৰানী, ৰাইনা কৰণী, মঞ্জৰী কাকৰ আৰু সুৰেশ ৰংগাকৰেও সঞ্চালক পদ ত্যাগ কৰে।

    ইয়াৰ পূৰ্বে মণিকংটন বীয়েও কোম্পানীৰ সঞ্চালক তথা মুখ্য বিত্ত বিষয়াৰ পদ ত্যাগ কৰিছিল। কোম্পানীয়ে ক’লে যে এই পদত্যাগ পত্ৰসমূহ ঋণ প্ৰদান কৰা সমিতি COCৰ সন্মুখত বিচাৰৰ বাবে ৰখা হ’ব।

    বৰ্তমান ৰিলায়েঞ্চ কমিউনিকেচনৰ অৱস্থা যথেষ্ট টনকিয়াল। জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে কোম্পানীৰ লোকচান হৈছিল ৩০,১৪২ কোটি টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time