আজি জনতা ভৱনত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’ মুকলি কৰা হ’ব চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত। অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত চৰকাৰে বিবাহোপযুক্ত ছোৱালীক বিয়াৰ বাবে দিব এতোলা সোণ।
আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব। লগতে ছোৱালীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখৰ তলত উপাৰ্জন কৰিলেহে এই আঁচনিৰ সুবিধা পাব।
বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰতে বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব ৩০ হাজাৰ টকা। নগদ ৩০ হাজাৰ টকাৰে বিয়াৰ বাবে ক্ৰয় কৰিব পাৰিব এতোলা সোণ। অৱশ্যে এই সুবিধা গ্ৰহণ কৰিবলৈ ছোৱালীজনী মেট্ৰিক উত্তীৰ্ণ হোৱাটো বাঞ্চনীয়। বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে হাতত লৈছে এনে পদক্ষেপ।
Photo Credit: Twitter