প্ৰিয়ংকা চোপ্ৰা আৰু ফিল্মফেয়াৰ এৱাৰ্ডৰ পিছত লাগি থাকোতে পাহৰি থাকিল এটি পৰ্যটকৰ বাবে নিৰ্মাণ কৰা অট্টালিকাৰ কথা। এয়াই অসম চৰকাৰৰ পৰ্যটন বিভাগৰ নমুনা। কোটি কোটি টকা ব্যয় কৰি বলিউডৰ চেলিব্ৰেটি আনি অসমৰ পৰ্যটনৰ বিকাশৰ কথা চিন্তা কৰা চৰকাৰৰ এই বিভাগে পাহৰিলে ৪ তাৰকাযুক্ত হোটেলৰ আৰ্হিত নিৰ্মিত নগাঁৱৰ পৰ্যটন নিৱাসৰ কথা।
পূৰ্বৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ আমোলত নিৰ্মাণ হোৱা এই ১৭ কোটি টকীয়া পৰ্যটক আৱাসটো এতিয়া ডাঠ হাবিৰে আৱৰি পৰিছে। নগাঁৱৰ আৱৰ্ত ভৱনৰ সন্মুখতে থকা এই পৰ্যটক আৱাসটোৰ ২০১৪ চনতে তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে মুকলি কৰিছিল যদিও আজিপৰ্যন্ত পৰ্যটকৰ বাবে থকাৰ উপযোগী হৈ নুঠিল।
মুলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক লক্ষ্য কৰি পৰ্যটন বিভাগে নিৰ্মাণ কৰা বিলাসী আৱাসগৃহটো এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে। উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নগাঁৱত পৰ্যটনৰ ক্ষেত্ৰত বহু কোটি টকীয়া প্ৰকল্প লোৱা হৈছিল যদিও একাংশ ঠিকাদাৰ-আমোলাৰ লুণ্ঠনৰ বাবেই সেই প্ৰকল্পসমূহ বৰ্তমান অস্তিত্বহীন।
বিজু গোঁহাই প্ৰতিবেদন