মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফেচবুকযোগে হত্যাৰ ভাবুকি প্ৰদান কৰা ঘটনা সন্দৰ্ভত অভিযুক্ত যুৱক ৰাজীৱ হাণ্টাৰ ৰহমানৰ গোচৰ ৰুজু পল্টনবজাৰ আৰক্ষী থানাত। যুৱকজনৰ অভিযোগ তেওঁৰ নামত একাউণ্ট খুলি কোনো দুষ্ট লোকে অপব্যৱহাৰ কৰিছে। বিষয়টো সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে যুৱকজনে। ঘটনাটোৰ পিছতে ৰাজীৱৰ পৰিয়ালৰ লোক নিৰাপত্তা হীনতাত ভোগা বুলিও মন্তব্য কৰে সংবাদমাধ্যমৰ আগত। ক্ৰাইম বাঞ্চ আৰু পল্টনবজাৰ আৰক্ষীত গোছৰ ৰুজু কৰিছে ৰাজীৱৰ পৰিয়ালৰ লোকে।
উল্লেখ্য যে, ফেচবুকযোগে ১০ দিনৰ ভিতৰত গুলীয়াই মৰাৰ হুংকাৰ প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গুলীয়াই মৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজো কৰিছিল ফেচবুকত দিয়া পোষ্টটোৰযোগে। এই পোষ্টটো দিছিল ৰাজীৱ হাণ্টাৰ ৰহমান নামৰ এজন যুৱকৰ একাউণ্টটটোত।

‘এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছো, শীঘ্ৰে উচিত শাস্তি পাব দোষীয়ে, সকলো তদন্ত হৈ আছে, সময় লাগিব, টেকনিকেল চিষ্টেমবোৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে।’- সংবাদ মাধ্যমৰ আগত এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।