দুঃখবৰ! কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনাৰ পিছতে কাগজকলৰ কৰ্মচাৰীৰ হাহাকাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এই জাননীৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত। আজি পাছগ্ৰামৰ কাছাৰ কাগজ কলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নতুন বছৰলৈ মাজত মাথো কেইটামান দিন। নতুন বছৰত সুখবৰ অহাৰ পৰিৱৰ্তে ৰাজ্যৰ ২ কাগজকলৰ কৰ্মচাৰীলৈ নতুন বছৰত আহিল আন এক বেয়া খবৰ। প্ৰায় ৩ বছৰে নাই দৰমহা তাৰ মাজতে কাগজকলৰ কৰ্মচাৰীলৈ আহিল আন এটা বেয়া খবৰ। আগন্তুক ৩১ জানুৱাৰীৰ ভিতৰত কৰ্মচাৰীসকলক আৱাসগৃহ খালী কৰিবলৈ দিছে নিৰ্দেশনা।

২৩ ডিচেম্বৰত কেন্দ্ৰ চৰকাৰৰ জাৰি কৰা এখন জাননীত উল্লেখ কৰা হয় যে, কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে বিষয়া-কৰ্মচাৰীসকলক থকা আৱাসসমূহ অতি শীঘ্ৰে খালী কৰিব লাগে।

এই জাননীৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত। আজি পাছগ্ৰামৰ কাছাৰ কাগজ কলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে। লগতে কোনো পৰিস্থিতিত আবাস গৃহ খালী নকৰিব বুলি হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে। ইফালে আলগাপুৰৰ AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে সৰ্বাবস্থাত কেন্দ্ৰ চৰকাৰৰ এই ধ্বংসাত্মক নীতিৰ প্ৰতিবাদত কাগজ কল কৰ্মচাৰীৰ লগতে থিয় থাকিব বুলি মন্তব্য কৰিছে।

Photo: Time8

Related Post