আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, যেন জামা মছজিদ পাকিস্তানত আছে; চন্দ্ৰশেখৰ আজাদৰ জামিন আৱেদনৰ শুনানিত চৰকাৰী অধিবক্তাক ক’লে ন্যায়াধীশে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
CAA-NRCৰ বিৰোধিতা কৰিবলৈ জামা মছজিদৰ সমীপত বিৰোধিতা আৰু ধৰ্ণাৰ বাবে আজাদে আহ্বান জনাইছিল, এই সন্দৰ্ভত ন্যায়াধীশে সুধিলে, 'প্ৰতিবাদত ভুল কি আছে? বিৰোধিতা কৰাত ভুল কি? বিৰোধিতা কৰা এক সাংবিধানিক অধিকাৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মঙলবাৰে তীছ হাজাৰী অতিৰিক্ত সত্ৰ ন্যায়াধীশ ডাক্টৰ কামিনী ল’ দ্বাৰা শুনানি গ্ৰহণ কৰা হৈছিল ভীম আৰ্মীৰ প্ৰধান চন্দ্ৰশেখৰ আজাদৰ জামিন আৱেদন। সেই সময়তে আদালতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

চৰকাৰী অধিবক্তাই জামিন আৱেদনৰ বিৰোধিতা কৰি ক’লে যে আজাদে ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে হিংসা বিয়পাইছিল। চৰকাৰী অধিবক্তাই প্ৰথমাৱস্থাত আজাদৰ অধিবক্তা মেহমুদ প্ৰাচাৰ সৈতে পোষ্ট শ্বেয়াৰ কৰিব বিচৰা নাছিল কিন্তু ন্যায়াধীশে কঠোৰ ভাষাৰে ক’লে যে যেতিয়ালৈ কোনো বিশেষ অধিকাৰৰ দাবী কৰা নহয় তেতিয়ালৈ আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰিব লাগিব।

ইয়াৰ পিছত চৰকাৰী অধিবক্তাই কেইটামান পোষ্ট পঢি়লে। য’ত CAA-NRCৰ বিৰোধিতা কৰিবলৈ জামা মছজিদৰ সমীপত বিৰোধিতা আৰু ধৰ্ণাৰ বাবে আজাদে আহ্বান জনাইছিল, এই সন্দৰ্ভত ন্যায়াধীশে সুধিলে, ‘প্ৰতিবাদত ভুল কি আছে? বিৰোধিতা কৰাত ভুল কি? বিৰোধিতা কৰা এক সাংবিধানিক অধিকাৰ।

আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, যেন জামা মছজিদ পাকিস্তানত আছে। যদি এয়া পাকিস্তানো হ’লহেতেন তেতিয়াও তাত যাব পাৰিলে হয় আৰু বিৰোধ কৰিব পাৰিলে হয়। পাকিস্তান অবিভাজন ভাৰতৰ অংশ আছিল। এই কথা চৰকাৰী অধিবক্তাক ক’লে ন্যায়াধীশে।

যেতিয়া চৰকাৰী অধিবক্তাই ক’লে যে বিৰোধৰ বাবে অনুমতি গ্ৰহণ কৰিব লাগিব, তেতিয়া ন্যায়াধীশে ক’লে, কি অনুমতি? উচ্চতম ন্যায়ালয়ে ক’লে যে ১৪৪ৰ পুনৰাবৃত্তি ইয়াৰ শক্তিৰ দুৰ্ব্যৱহাৰ।

Photo credit: jantakareporter.com

Related Post