নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰৰ পৰা দক্ষিণলৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। তামিলনাডুৰ ৰাজধানী চেন্নাইত CAA, NRC আৰু NPRৰ বিৰুদ্ধে ৰাজপথত ওলাই আহে হাজাৰ হাজাৰ জনতা। ৰাজ্যিক সচিবালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
দিল্লীৰ শ্ৱাহীনবাগৰ দৰে চেন্নাইটো মহিলাসকলে CAA, NRC আৰু NPRৰ বিৰোধিতা কৰিছে। আজি প্ৰতিবাদকাৰীসকলে Fort saint georgeৰ পৰা সচিবালয়লৈ সমদল উলিয়াই। প্ৰতিবাদকাৰীসকলৰ দাবী তামিলনডু বিধানসভায়ো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰে। ৰেলীৰ আৰম্ভণি হয় কলিবানৰ আৰংগমৰ পৰা।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিওৱা সমদলত অংশগ্ৰহণ হাজাৰতকৈও অধিক মহিলাৰ। ১৪ ফেব্ৰুৱাৰীত চেন্নাইৰ বাছাৰমেনপেটত প্ৰতিবাদকাৰীৰ ওপৰত হোৱা লাঠীচাৰ্জৰ পিছত মহিলাসকলে আৰক্ষীৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
Photo credit: google.com