Skip to content

ভাৰতত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৮৯৮৮, এইপৰ্যন্ত ৩৩৯জনৰ প্ৰাণহানি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মধ্যপ্ৰদেশত কৰ'ণা পজিটিভ লোকৰ সংখ্যা হৈছে ৭৩০, ইয়াত বিগত ২৪ ঘণ্টাত পোহৰলৈ অহা ১২৬জন লোকো অন্তৰ্ভুক্ত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দেশজুৰি কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ৩ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ১২১১টা ঘটনা পোহৰলৈ আহে আৰু ৩১জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছত ভাৰতত কৰ’ণা ভাইৰাছত পজিটিভ পোৱা গৈছে মুঠ ৮৯৮৮জন লোকৰ দেহত। প্ৰাণ হেৰুৱাইছে ৩৩৯জন লোকে। আজি ৰাজস্থানৰ জয়পুৰত ৪৮, গুজৰাটত ৪৫, মুম্বাইৰ ধাৰাবীত ৬ আৰু নাগপুৰত ৭টা নতুন ঘটনা পোহৰলৈ আহে।

মধ্যপ্ৰদেশত কৰ’ণা পজিটিভ লোকৰ সংখ্যা হৈছে ৭৩০, ইয়াত বিগত ২৪ ঘণ্টাত পোহৰলৈ অহা ১২৬জন লোকো অন্তৰ্ভুক্ত। ৰাজ্যখনৰ স্বাস্থ্য আয়ুক্ত ফৈজ আহমেদ কিদবয়ে ক’লে যে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ’ণাৰ সন্দেহত ১১৭১ জন লোকক পৰীক্ষা কৰা হৈছে। ৰাজ্যখনত এই ভাইৰাছৰ ফলত বৰ্তমানলৈ ৫০জন লোকৰ মৃত্যু হৈছে। তেওঁ লগতে ক’লে যে ৰাজ্যখনৰ প্ৰভাৱিত জিলাসমূহত মুঠ ২৭৮টা নিয়ন্ত্ৰণ কক্ষ প্ৰস্তুত কৰা হৈছে।

লকডাউনৰ সময়সীমা ৩ মে’লৈ বৃদ্ধি কৰাক লৈ গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিলে। অমিত শ্বাহে টুইটাৰযোগে ক’লে যে আজি প্ৰধানমন্ত্ৰী মোদীজীয়ে দ্বিতীয়বাৰৰ বাবে কৰ’ণা ৰুধিবলৈ দেশজুৰি লকডাউনৰ সময়সীমা বৃদ্ধি কৰা নিৰ্ণয়ে ভাৰতবাসীৰ জীৱন ৰক্ষা কৰিব। ইয়াৰ বাবে তেওঁক হৃদয়েৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

Photo credit: PTI

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp