হায়দৰাবাদ কাণ্ডক লৈ সমগ্র দেশত যেতিয়া উত্তাল প্রতিবাদ চলি আছে, ঠিক সেই সময়ত শিলচৰৰ এজন যুৱকৰ ফেচবুকত আপত্তিজনক পোষ্টক লৈ ঘটিল অপ্ৰীতিকৰ পৰিস্থিতি৷ আপত্তিজনক পোষ্ট কিয় দিছে এই প্ৰশ্ন লৈ যুৱকজনৰ ঘৰত গৈ তাণ্ডৱ লীলা চলালে এটা মহিলাৰ দলে ৷ উগ্ৰমূৰ্তি ধৰা মহিলা দলটোৰ পৰা বাচিবলৈ যুৱকজনে বাৰে বাৰে হাতজোৰ কৰি ক্ষমা বিচাৰে যদিও পাঁচ-ছ জনীয়া মহিলা দলটোৱে যুৱকজনক শাৰীৰিক-মানসিক আক্ৰমণ চলায় ৷ ঘটনাটো লৈ দুদিন দৰি ছচিয়েল মিডিয়াত তুমূল বিতৰ্কৰ সৃষ্টি হৈছে ৷ মহিলাৰ দলটোৱে যুৱকজনৰ ঘৰত এনে তাণ্ডৱ চলোৱা কাণ্ডক লৈও প্ৰশ্ন উত্থাপিত হৈছে।
ঘটনাটো দুদিন পূৰ্বৰ ৷ শিলচৰৰ গল্ডি পাল নামৰ এজন যুৱকে ফেচবুকত হাইদৰাবাদ ধৰ্ষণকাণ্ডক লৈ যথেষ্ট নিকৃষ্ট পোষ্ট কৰে। পোষ্টটো প্ৰত্যক্ষ কৰিয়েই যুৱকজনৰ ঘৰত উপস্থিত হয় স্থানীয় মহিলাৰ দল ৷ যুৱকজনৰ ঘৰত পৰিয়ালৰ আন আন সদস্যসকলৰ সম্মুখতে যুৱকজনৰ ওপৰত জঁপিয়াই পৰা মহিলা দলটোৰ ৰুদ্ৰমূৰ্তি কোনোৱে ফেচবুক লাইভৰ জৰিয়তে প্ৰচাৰ কৰে আৰু লগালগ সেয়া ভাইৰেল হৈ পৰে ৷ ইফালে সমগ্ৰ কাণ্ডক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ফেচবুকত যুৱকে কৰা আপত্তিকজনক পোষ্টক লৈ মহিলাসকলে নিজে আইন হাতত তুলি নলৈ থানাত গোচৰ তৰিব পাৰিলেহেঁতেন বুলিও গৰিহণা দিছে সমাজৰ একাংশই। বৰ্তমান যুৱকসহ মৰেল পুলিচিঙত জড়িত মহিলা দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপিত হৈছে ৷