সমগ্ৰ দেশকে জোকাৰি গ’ল JNUৰ ছাত্ৰ আক্ৰমণৰ ঘটনাই। হিংসাৰস্থলীত পৰিণত হৈছে দেশৰ অন্যতম বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। আক্ৰমণকাৰীৰ ৰূপত কোনো অজ্ঞাত লোকে মুখত কাপোৰ বান্ধি JNUৰ শিক্ষাৰ্থীক প্ৰহাৰ কৰা ঘটনাই সৰ্বত্ৰে লাভ কৰিলে চৰ্চা। এই সমগ্ৰ আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ‘হিন্দু ৰক্ষা দল’ নামৰ এটা গোষ্ঠীয়ে।
নিজকে সেই গোষ্ঠীৰ নেতা দাবী কৰি ভূপেন্দ্ৰ তোমাৰ ওৰফে পিংকি চৌধুৰী নামৰ এজন ব্যক্তিয়ে টুইটাৰত এটা টুইট কৰে। টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি তেওঁৰ দাবী,JNUত দেশবিৰোধী তথা হিন্দু বিৰোধী কাৰ্যকলাপ চলি থাকো। সেইকাৰণে মই মাৰিলো।’ভিডিঅ’টোত পিংকি চৌধুৰী নামৰ লোকজনে কৈছে ‘দেশদ্ৰোহী কাজ কৰ্মৰ আখৰা চলিছে JNUত। আমি আৰু সহিব নোৱাৰা হৈ পৰিছিলো। JNUৰ আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব আমি লৈছো।
দেওবাৰে ৰাতি JNUত আক্ৰমণ কৰা লোকসকল আমাৰ কৰ্মী। একাংশৰ মতে ABVPৰ বিৰুদ্ধে উঠা অভিযোগ ঢাকিবৰ কাৰণেই হিন্দু ৰক্ষা দল নামৰ গোষ্ঠীটোয়ে মিছা দায়িত্ব স্বীকাৰ কৰিছে। আনহাতে JNUৰ আক্ৰমণক দিল্লী আৰক্ষীয়ে যিমান গুৰুত্ব সহকাৰে ল’ব লাগিছিল তেনেদৰে লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।
Photo Credit: News.agniban.com