আজি গুৱাহাটী মহানগৰ কমিটি নতুনকৈ গঠন কৰা হ’ল ৷ নতুন কমিটিৰ প্ৰথমখন কাৰ্যনিৰ্বাহকখন বৈঠক আজি অনুষ্ঠিত হয়। বাহিৰৰ মানুহৰ দ্বাৰা আয়োজন কৰা হৈছিল সভাখন। আমবাৰীত অনুষ্ঠিত সংবাদমেলত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত মঙলবাৰে অনুষ্ঠিত হোৱা সভা সন্দৰ্ভত এই দাবী AGPৰ জ্যেষ্ঠ নেতা কমলা কলিতাৰ।
‘মঙলবাৰে এইখন সভাক লৈ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে AGPত উলম্ব বিভাজন হৈছে৷ সেইখন সভাত কেইজনমান ছদ্মবেশী মানুহ হৈছিল৷ ৯০% মানুহেই AGPৰ মানুহ নহয়৷ দলৰ পৰা বহিষ্কাৰ কৰা মানুহ হে তাত আছিল। গোটেইখন সভাত মাত্ৰ ৩০ জন মানহে AGPৰ মানুহ আছিল।’- সংবাদমেলত এই কথা প্ৰকাশ কৰে AGPৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
মঙলাবৰে পুৰণি কমিটিখন ভংগ কৰি দিয়া হৈছিল। ১২ জানুৱাৰীত গুৱাহাটী মহানগৰ কমিটিৰ কৰ্মী সভা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিলে কলিতাই। নগাঁও জিলা কমিটিয়ে CAA সন্দৰ্ভত দলৰ স্থিতিত সহমত দিয়া নাই। কাৰ্যালয়ত সভা পাতিবলৈ হ’লে পত্ৰ দিব লাগে ৷ ইয়াত সভা পাতিবলৈ কোনো পত্ৰ পোৱা নাছিল ৷ মন গ’লেই যিয়ে যিকোনো সময়ত কাৰ্যালয়ত আহি সভা পাতিব নোৱাৰে । এই মন্তব্য AGPৰ জ্যেষ্ঠ নেতা কমলা কলিতাৰ।
‘আমাৰ দলৰ দুজনমান জ্যেষ্ঠ নেতা সভাখনত উপস্থিত আছিল ৷ এই সন্দৰ্ভত তদন্ত কমিটি গঠন কৰা হৈছে ৷ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব আৰু কি কাৰণত সেই সভাত আমাৰ দলৰ জ্যেষ্ঠ নেতা কেইজনে কিয় অংশগ্ৰহণ কৰিছিল সেই বিষয়ে দলৰ মজিয়াত আলোচনা হ’ব।’- সংবাদমেলত এই মন্তব্য কৰে কলিতাই। ৰাস্তাৰ মানুহে আমাক কি সময়সীমা বান্ধি দিব? তিনিজন বিধায়কে আমাক সময়সীমা বান্ধি দিয়াৰ কোনো অধিকাৰ নাই৷ অধিকাৰ কেৱল কাৰ্যনিৰ্বাহকৰহে আছে বুলিও মতপ্ৰকাশ কৰে AGPৰ নেতাগৰাকীয়ে।
Photo: Time8