26 C
Guwahati
Sunday, May 16, 2021
More

    কৰ্ণাটক চৰকাৰে জাৰি কৰিলে গাইডলাইন; দেওবাৰৰ বাদে ৰে’ল সেৱাৰ অনুমতি, কাইলৈৰ পৰা আৰম্ভ হ’ব বাছ সেৱা

    উল্লেখ্য যে কৰ্ণাটক স্বাস্থ্য বিভাগৰ অনুসৰি ৰাজ্যখনত দেওবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা আজি দুপৰীয়া ১২ বজালৈ ৮৪জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে, মুঠ সক্ৰিয় ৬৭২, বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে ৩৭জন লোকে

    কৰ্ণাটক চৰকাৰে লকডাউন ৪.০ৰ বাবে জাৰি কৰিলে গাইডলাইন। দেওবাৰৰ বাদে কৰ্ণাটকৰ ভিতৰত ৰে’ল সেৱাৰ অনুমতি প্ৰদান কৰে। পৃথক-পৃথক জিলাসমূহত যাত্ৰা কৰিবলৈ বাছ সেৱা আৰু চহৰৰ বাছ সেৱাসমূহ কাইলৈৰ পৰা আৰম্ভ হ’ব।

    কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিৰুপ্পাই ক’লে যে কৰ্ণাটকত মাত্ৰ পথ ৰাজ্যিক পৰিবহন নিগমৰ বাছ আৰু ব্যক্তিগত বাছসমূহহে চলিব। কণ্টেইনমেণ্ট জনত লকডাউন কঠোৰভাৱে পালন কৰা হ’ব আৰু অন্য অঞ্চলসমূহত অৰ্থনৈতিক কাৰ্যকলাপৰ অনুমতি প্ৰদান কৰা হ’ব। দেওবাৰে সমগ্ৰ ৰাজ্যখনত সম্পূৰ্ণভাৱে লকডাউন পালন কৰা হ’ব।

    য়েদিৰুপ্পাই লগতে ক’লে যে সকলো দেকান খোলাৰো অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ভিতৰতে ৰে’লসমূহ চলাৰ অনুমতি প্ৰদান কৰা হ’ব। আমি ৩১ মে’লৈ গুজৰাট, মহাৰাষ্ট্ৰ, কেৰালা আৰু তামিলনাডুৰ লোকৰ প্ৰৱেশত অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

    উল্লেখ্য যে কৰ্ণাটক স্বাস্থ্য বিভাগৰ অনুসৰি ৰাজ্যখনত দেওবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা আজি দুপৰীয়া ১২ বজালৈ ৮৪জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে, মুঠ সক্ৰিয় ৬৭২, বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে ৩৭জন লোকে।

    Photo credit: DNA India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING