ভাৰতত কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে ওড়িশা চৰকাৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰালে। দেশজুৰি ২১ দিনীয়া লকডাউন সমাপ্ত হোৱাৰ পূৰ্বে ওড়িশা চৰকাৰে লকডাউন ৩০ এপ্ৰিললৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু ভাৰতৰ এইখনেই প্ৰথমখন ৰাজ্য যিখনে বৃদ্ধি কৰিছে লকডাউন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই কথাৰ ঘোষণা কৰে। তেওঁ ক’লে যে ১৭ জুনলৈ ৰাজ্যখনৰ সকলো শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থাকিব। লগতে তেওঁ কেন্দ্ৰ চৰকাৰক আহ্বান জনাই যে ৩০ এপ্ৰিললৈ ৰে’ল আৰু বিমানসেৱা আৰম্ভ কৰি দিব নালাগে।
দেশজুৰি লকডাউনৰ দিন বৃদ্ধি কৰাক লৈ কেন্দ্ৰ চৰকাৰে বিচাৰ-বিবেচনা কৰি থকাৰ মাজতে ওড়িশা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা আলোচনাত কৈছিল যে ১৪ এপ্ৰিলত লকডাউন আঁতৰোৱা সম্ভৱপৰ নহয়। শনিবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনক লৈ অন্তিমটো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
এইপৰ্যন্ত ওড়িশাত ৪৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰে দুজন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু এজন লোকে প্ৰাণ হেৰুৱাইছে।
Photo credit: https://pragativadi.com/