শিলচৰ শিলং ৰাষ্ট্ৰীয় ঘাইপথৰ মণ্ডিয়াটিত বৰাক উপত্যকা অভিমুখে আহি থকা এখন BSFৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পাহাৰৰ তলত। দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোকৰ। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ২০ জনীয়া BSF জোৱানৰ দল।

দুৰ্ঘটনাটোত বাছখনৰ হেণ্ডিমেন জগথ গগৈ নামৰ যুৱকজনৰ মৃত্যু হয়। লগতে এজন BSFৰ জোৱান আহত হয়। গুৰুতৰভাৱে আহত হয় বাছখনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈ। আহত তিনিওজনকে চিকিত্সাৰ বাবে কেলেৰিয়াট Community Health Centre (CHC) পৰা শিলং নিগ্ৰিমসত প্ৰেৰণ কৰা হয়।