27 C
Guwahati
Sunday, August 1, 2021
More

    ঘৰৰ পৰা বাহিৰলৈ ওলোৱা ধৰ্ষিতা যুৱতীক জীৱিত অৱস্থাতে অগ্নিদগ্ধ পাষণ্ডৰ

    বৃহস্পতিবাৰে ৰাতিপুৱাৰ সময়তে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘৰৰ বাহিৰলৈ গৈছিল আৰু তেনে সময়তে পূৰ্বে বলাৎকাৰ কৰা পাষণ্ড কেইটাই টানি আজুৰি পেট্ৰল ঢালি জ্বলাই দিয়ে যুৱতীগৰাকীক

    বিহাৰৰ উন্নাও জিলাত এগৰাকী যুৱতীক দলবদ্ধ বলাৎকাৰ কৰা ঘটনাৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘৰৰ পৰা ওলোৱাৰ সময়তে জ্বলাই হত্যাকৰাৰ চেষ্টা। ঘটনাৰ বিৱৰণ অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱাৰ সময়তে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘৰৰ বাহিৰলৈ গৈছিল আৰু তেনে সময়তে পূৰ্বে বলাৎকাৰ কৰা পাষণ্ড কেইটাই টানি আজুৰি পেট্ৰল ঢালি জ্বলাই দিয়ে যুৱতীগৰাকীক।

    যুৱতীগৰাকীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে লগতে অগ্নিদগ্ধ যুৱতীগৰাকীক জিলা হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু অৱস্থা সংকটজনক হোৱাত পিছত তাইক লক্ষ্ণৌলৈ প্ৰেৰণ কৰে। ভুক্তভোগীয়ে দিয়া মন্তব্য অনুসৰি পুৱা ৪ বজাত ৰায়বেৰেলীলৈ ৰাওনা হোৱাৰ সময়তে ৰে’লৱে ষ্টেচনলৈ ওলাই গৈছিল কিন্তু আদবাটতে যুৱতীগৰাকীক ঘেৰাও কৰে ৪ ধৰ্ষণকাৰীয়ে। ধৰ্ষণকাৰীকেইটাৰ নাম ক্ৰমে হৰিশংকৰ ত্ৰিবেদী, কিশোৰ শুভম, শিৱম আৰু উমেশ।

    প্ৰথমে পাষণ্ডকেইটাই যুৱতীগৰাকীক মূৰত লাঠিৰে মাৰধৰ কৰে আৰু পিছত ডিঙিত চুৰিকাঘাত কৰে তাৰ পিছত গাত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। প্ৰথমে যুৱতীগৰাকীক সহায়ৰ বাবে কোনেও আগবঢ়োৱা নাছিল হাত কিন্তু পিছত যেতিয়া পাষণ্ড চাৰিটাই যুৱতীগৰাকীৰ দেহত অগ্নিসংগযোগ কৰি সেই স্থানৰ পৰা পলায়ন কৰে তেতিয়া যুৱতীগৰাকীৰ ওচৰ চাপি আহে অন্য মানুহ। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত কেইজনৰ ৩জনক আটক কৰিবলৈ সক্ষম হৈছে যদিও এজন পলাতক অৱস্থাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING