Skip to content

ভাৰতত এইপৰ্যন্ত ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ ৪১৪ জন লোকৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দিল্লীত সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও মুম্বাই আৰু ইণ্ডোৰত বৰ্তমানেও অব্যাহত আছে আতংক। ইয়াৰ মাজতে আজি লকডাউন ২.০ৰ দ্বিতীয় দিন
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে। ভাৰতত ৰোগীৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে ১২ হাজাৰৰ ঘৰ। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৪১৪। বৰ্তমানলৈ সুস্থ হৈ উঠিছে ১৪৮৯জন লোক। দিল্লীত সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও মুম্বাই আৰু ইণ্ডোৰত বৰ্তমানেও অব্যাহত আছে আতংক। ইয়াৰ মাজতে আজি লকডাউন ২.০ৰ দ্বিতীয় দিন।

ভাৰতৰ ভিতৰত সৰ্বাধিক ক’ৰণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত। ৰাজ্যখনত ক’ৰণাত আক্ৰান্ত মুঠ ২,৯১৬ জন। মৃত্যু হৈছে ১৮৭জন লোকৰ। দ্বিতীয় স্থানত আছে দিল্লী। দিল্লীত আক্ৰান্ত হৈছে ১হাজাৰ ৫৭৮ জন লোক। মৃত্যু মুখত পৰিছে ৩২জন। তৃতীয় স্থানত আছে তামিলনাডু। তামিলনাডুত ক’ৰণাত আক্ৰান্ত ১হাজাৰ ২৪২ জন লোক। ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু ১৪জন লোকৰ।

মধ্যপ্ৰদেশৰ ইণ্ডোৰত ক’ৰণা ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হ’লগৈ ৬৯৬জন আৰু বৰ্তমানলৈ ৩৯ গৰাকী লোকৰ মৃত্যু ঘটিছে। বিগত ১২ ঘণ্টাৰ ভিতৰত ১৫২টা নতুন ঘটনা পোহৰলৈ আহিছে। ইফালে গুজৰাটত আজি ১০৫টা নতুন ঘটনা পোহৰলৈ আহিছে।

জম্মু-কাশ্মীৰত ৪০ গৰাকী আৰক্ষী কৰ্মী কোৱাৰাণ্টাইন। কুপৱাৰাত SIৰ পুত্ৰৰ দেহত পোৱা গৈছে ক’ৰণা পজিটিভ। ইয়াৰ পিছত SI গৰাকীৰ সংস্পৰ্শত অহা আৰক্ষী কৰ্মীক কোৱাৰাণ্টাইন।

Photo credit: www.deccanherald.com/

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp