কটন বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰাজপথলৈ ওলাই আহিছে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। কেবৰ বিৰুদ্ধে থিয় দিবৰ বাবে এইদৰে ওলাই আহিছে ছাত্ৰ-ছাত্ৰী সকল। কেবৰ লগতে চৰকাৰৰ বিৰুদ্ধেও গুজৰি উঠিছে সকলোৱে। বিশ্ববিদ্যালয়খনত একেবাৰে নিষিদ্ধ ঘোষনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী তপন গগৈ, কামাখ্যা তাছা, বিধায়ক ঋতুপৰ্ণ বৰুৱাসহ গেৰুৱা বাহিনীৰ সকলো নেতা পালিনেতা। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই আনুষ্ঠানিক ভাৱে কৰিলে এই ঘোষণা। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথতেই সকলোৰে চকুত পৰা কৈ আঁৰিব মুখ্যমন্ত্ৰীৰ নিষিদ্ধ ঘোষণাৰ বৃহৎ বেনাৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত প্ৰতিবাদৰ জুই এতিয়া সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত। লগতে এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে আজি জাতীয় নায়কৰ পৰিৱৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ’ল ‘জাতীয় খলনায়ক’ উপাধি।এটা সময়ত বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা সৰ্বা, কামাখ্যা, তপন, ঋতুপৰ্ণই এতিয়া
বিধেয়ক গৃহীতৰ পক্ষত থিয় দি জাতিটোৰ লগতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ গৰিমাতো কালিমা সানিছে। যাৰ বাবে লজ্জিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। সেয়ে এইদৰে প্ৰতিবাদ আৰু নিষিদ্ধৰে কেবৰ তীব্ৰ বিৰোধিতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ।