31 C
Guwahati
Saturday, May 30, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় লকডাউন শেষ হোৱাৰ পিছতো এই কেইখন ৰাজ্যত জাৰি থাকিব নিষেধাজ্ঞা

    লকডাউন শেষ হোৱাৰ পিছতো এই কেইখন ৰাজ্যত জাৰি থাকিব নিষেধাজ্ঞা

    মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অসম, ছত্তীশগড় আৰু ঝাৰখণ্ডই ইংগিত দিছে যে তেওঁলোক ১৪ এপ্ৰিলত লকডাউন সমাপ্ত কৰাৰ পক্ষত নাই

    ৭খন ৰাজ্য য’ত কৰ’ণা ভাইৰাছৰ ১,৩৬৭ ঘটনা পোহৰলৈ আহিছে। এই কেইখন ৰাজ্যই ইংগিত দিছে যে ২১ দিনৰ লকডাউন সমাপ্ত হোৱাৰ পিছতো ৰাজ্য কেইখনত অব্যাহত থাকিব নিষেধাজ্ঞা। ১৪ এপ্ৰিলত লকডাউনৰ সময়সীমা সমাপ্ত হ’ব।

    তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওয়ে ক’লে যে তেওঁ নিজৰ ৰাজ্যখনত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পক্ষত আছে। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অসম, ছত্তীশগড় আৰু ঝাৰখণ্ডই ইংগিত দিছে যে তেওঁলোক ১৪ এপ্ৰিলত লকডাউন সমাপ্ত কৰাৰ পক্ষত নাই।

    অসমত ২৭জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। লকডাউন শেষ হোৱাৰ পিছত ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাসকলক নিয়ন্ত্ৰিত কৰিবলৈ এটা পঞ্জীকৰণ প্ৰণালীৰ পৰিকল্পনা কৰি আছে। মহাৰাষ্ট্ৰত বৰ্তমানলৈ আটাইতকৈ অধিক ৭৪৮জন লোক আক্ৰান্ত হৈছে। মুম্বাই আৰু পুণেৰ লগতে হটস্পট অঞ্চলসমূহতো লকডাউন বৃদ্ধি কৰিব পাৰে।

    উত্তৰ প্ৰদেশৰ বিষয়াই ক’লে যে ৰাজ্যখনত ৩০৫জন লোক আক্ৰান্ত হৈছে। তাৰ ভিতৰৰ ১০৫ গৰাকী লোক দিল্লীৰ তবলিগী জামাতৰ সৈতে জড়িত। ৰাজ্যখনত লকডাউন সমাপ্ত হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে। ৰাজস্থানত কৰ’ণাত আক্ৰান্ত হৈছে২৮৮জন লোক।

    ছত্তীশগড়ত কৰ’ণাৰ ১০ট পজিটিভ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভুপেশ বঘেলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি কৰ’ণা ভাইৰাছ বিয়পোৱাৰ আশংকাৰে আন্তঃৰাষ্ট্ৰীয় যাত্ৰাক লৈ চিন্তা প্ৰকাশ কৰিছে।

    তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰাওয়ে ক’লে যে, ভাইৰাছ ৰোধ কৰিবলৈ আমাৰ লগত লকডাউনৰ বাদে আন কোনো অস্ত্ৰ নাই। মই প্ৰধানমন্ত্ৰীক আহ্বান জনাও যে লকডাউনৰ সময়সীমা বৃদ্ধি কৰোৱা যাওক।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING