Skip to content

‘এটাকো নেৰিবি,ফাঁচী দিবই লাগিব ইহঁতক’- মৃত্যুৰ পূৰ্বে ভাতৃক কৈ গ’ল উন্নাও ধৰ্ষণ কাণ্ডৰ ধৰ্ষিতা যুৱতীয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা সময়ত তেওঁ প্ৰশ্ন কৰিছিল– মই জীয়াই থাকিম নে? মোক বচাব পাৰিবানে? মই জীয়াই থাকিব বিচাৰো।
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Credit : Hindustan Times
Photo Credit : Hindustan Times

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে উন্নাও ধৰ্ষণ কাণ্ডৰ যুৱতীগৰাকীয়ে। দুদিন ধৰি জীৱন–মৃত্যুৰে যুঁজ দি শুকুৰবাৰে নিশা ১১বাজি ৪০মিনিটত দিল্লীৰ চফদৰজং হাস্পতালত মৃত্যুক সাৱটি লয় ২৩বছৰীয়া যুৱতীগৰাকীয়ে। দেহৰ ৯৫শতাংশ জ্বলি যোৱা উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীক বৃহস্পতিবাৰে লক্ষ্নৌৰ পৰা এয়াৰ লিফট কৰি দিল্লীলৈ অনাৰ পিছত নিশা ৯বজালৈ তেওঁ হুঁচত আছিল। ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা সময়ত তেওঁ প্ৰশ্ন কৰিছিল– মই জীয়াই থাকিম নে? মোক বচাব পাৰিবানে? মই জীয়াই থাকিব বিচাৰো। হায়দৰাবাদত আৰক্ষীয়ে এনকাউণ্টাৰত চাৰিটা বলাৎকাৰীক গুলীয়াই হত্যা কৰাৰ দিনাই দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যুৰ কোলাত ঢলি পৰিল উন্নাও ধৰ্ষণ কাণ্ডৰ পীড়িতা।

যোৱাবছৰৰ ১২ ডিচেম্বৰত যুৱতীগৰাকী ধৰ্ষণৰ বলি হৈছিল। ২০১৯ৰ মাৰ্চত এই ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু কৰা হৈছিল। ৫ ডিচেম্বৰ, বৃহস্পতিবাৰে যুৱতীগৰাকীয়ে পুৱাই ৰায়বেৰেলী যাবলৈ ঘৰৰ পৰা ওলাইছিল। কিন্তু বাটতে মুখ্য অভিযুক্ত শুভম ত্ৰিবেদীসহ হৰিশংকৰ ত্ৰিবেদী, কিশোৰ,শিৱম আৰু উমেশে চোকা অস্ত্ৰৰ বলত তেওঁক চোঁচৰাই সমীপৰ পথাৰলৈ লৈ যায় আৰু ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি এই ৫ পাষণ্ডই কেৰাচিন তেল ঢালি যুৱতীগৰাকীক জ্বলাই দিয়ে। নিজৰ অধিবক্তাক লগ ধৰিবলৈ ট্ৰেনত উঠিবলৈ যাওঁতে ঘটে এই অঘটন। যুৱতীগৰাকীক বলাৎকাৰ কৰা অপৰাধীয়ে কৰ্টলৈ যোৱাৰ সময়ত অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই দিয়াৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে এজন ধৰ্ষণকাৰীকো এৰি নিদিবলৈ কোৱাৰ লগতে প্ৰতিটো ধৰ্ষণকাৰীকে ফাঁচী দিয়াৰ প্ৰতিশ্ৰুতি লয় ভাতৃৰ পৰা।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp