ইংৰাজী শিক্ষকৰ দুৰ্দশা, পঢ়িব নোাৱাৰিলে এটাও দফা; ক’ৰ এইজন মহান শিক্ষক?

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
বিদ্যালয় পৰিদৰ্শকে লগে লগেই নিলম্বিত কৰে মহিলা শিক্ষকগৰাকীক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo credit: google.com

ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষক, পিছে তেওঁ নিজেই পঢ়িব নোৱাৰিলে ইংৰাজী পাঠ্যক্ৰমৰ এটা সৰু দফাও। এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাও জিলাত। শিক্ষক গৰাকীৰ নিকৃষ্ট জ্ঞানে উদঙাই দেখুৱাইছে ৰাজ্যখনৰ শিক্ষাৰ মানদণ্ডৰ স্বৰুপ।

বিদ্যালয় পৰিদৰ্শণৰ বাবে অহা পৰিদৰ্শকে যেতিয়া ছাত্ৰ-ছাত্ৰীৰ সলনি শিক্ষকগৰাকীক এটা দফা পঢ়িবলৈ কয় তেতিয়াই ওলাই পৰে উৰহী গছৰ ওৰ । মহিলা শিক্ষকগৰাকীয়ে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে বানান যোটাই যোটাই পঢ়িও শেষ কৰিব নোৱাৰিলে এটা সাধাৰণ দফা । ইয়াৰ পিছতেই ক্ষুণ্ণ হৈ বিদ্যালয় পৰিদৰ্শক গৰাকীয়ে লগে লগেই নিলম্বিত কৰে মহিলা শিক্ষকগৰাকীক।

Related Post